গুৱাহাটী মানগৰীৰ কালাপাহাৰ অঞ্চলত কালি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এখন দুচকীয়া বাহন মেৰামতি কৰা দোকানৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ ভয়ংকৰ জুয়ে ওচৰৰ এখন আলমিৰাৰ দোকান আৰু বালাজী জুটমিল সম্পূৰ্ণৰূপে ভষ্মীভুত কৰে বুলি জানিব পৰা গৈছে ৷
অগ্নি নিৰ্বাপক বাহিনী আৰু অত্যাৱশ্যকীয় সেৱা বিভাগৰ তথ্য অনুসৰি নিশা প্ৰায় ৮.৩০বজাত বাহন মেৰামতি কৰা দোকান খনৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ ফলত গাতে লাগি থকা বাকী দোকান সমূহো জুইত ক্ষতিগ্ৰস্ত হয় ৷ ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি দুৰ্ঘটনা স্থলীত উপস্থিত হৈছিল যদিও সেইসময়ত ১২খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেও এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এই ভয়ংকৰ জুই নিৰ্বাপিত হয়৷