সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ বাবে কেইবাবাৰো সূত্ৰপাত ঘটিছে সংঘর্ষৰ ৷ এইবাৰ এখোপ আগলৈ গৈ অৰুণাচল প্ৰদেশৰ পৰা এজন কিশোৰক অপহৰণ কৰিলে চীনৰ পিএল এ-ই ৷ ৰাজ্যখনৰ সাংসদ তাপিৰ গাওৱে এই কথা সদৰী কৰিছে ৷ অপহৃত ১৭ বছৰীয়া কিশোৰজন মিৰাম টাৰোন বুলি চিনাক্ত কৰা হৈছে ৷ পিএলএয়ে মঙলবাৰে লুংটা জোৰ অঞ্চলৰ পৰা অপহৰণ কৰা বুলি সাংসদজনে সদৰী কৰিছে ৷ পি এল এৰ কৱলৰ পৰা কোনোমতে পালই আহিবলৈ সক্ষম হোৱা টাৰোণৰ বন্ধু জনয় ইয়াঙে পিএলএৰ দ্বাৰা অপহৰণৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰে ৷ দুয়োজন জিডো গাঁৱৰ স্থানীয় চিকাৰী।
সাংসদ গাওৱে আন এক টুইটযোগে কয় “ভাৰত চৰকাৰৰ সকলো সংস্থাক তেওঁৰ শীঘ্ৰে মুক্তিৰ বাবে পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছো ৷ “সাংসদজনে লগতে কয় যে তেওঁ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামানিকক ঘটনাটোৰ বিষয়ে অৱগত কৰিছে আৰু তেওঁক এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে। ২০২০ চনৰ ছেপ্টেম্বৰ পিএলএ-য়ে অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ পৰা পাঁচজন ল’ৰাক অপহৰণ কৰিছিল আৰু প্ৰায় এসপ্তাহৰ পিছত তেওঁলোকক মুকলি কৰি দিছিল।