আন্তঃৰাষ্ট্ৰীয় এপ ইণ্টেলিজেন্স প্ৰতিষ্ঠান এপ এনিৰ এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি যোৱাটো বছৰত ভাৰতীয় নাগৰিক সকলে গড় হিচাপত প্ৰতিদিনে পাঁচ ঘন্টাকৈ ম’বাইলৰ নামত অতিবাহিত কৰিছিল ৷ সমীক্ষামতে কৰ’ণা সংক্ৰমণৰ বাবেই ভাৰতীয়সকল ম’বাইলৰ প্ৰতি অধিক আসক্ত হৈ পৰা বুলি প্ৰতিষ্ঠানটোৰ এক তথ্য পোহৰলৈ আহিছে ৷
২০১৯চনত ভাৰতীয় সকলে ম’বাইলৰ নামত দৈনিক ৩.৭ঘণ্টা অতিবাহিত কৰিছিল৷ আনহাতে ২০২০ চনত ইয়াৰ হাড় আছিল ৪.৫ঘণ্টা কিন্তু ২০২১ চনত দৈনিক ম’বাইলৰ নামত অতিবাহিত কৰা এই হাড় বৃদ্ধি পালে ৪.৭ঘণ্টালৈ ৷