বিহাৰৰ কটিহাৰৰ সদৰ হস্পিতেলত চাৰিখন হাত আৰু চাৰিটা ভৰিৰ এটি শিশুৰ জন্ম হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷নৱজাতকক চাবলৈ চুবুৰীয়া অঞ্চল সমূহৰ পৰা ইতিমধ্যে ৰাইজৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে ৷ আনহাতে সামাজিক মাধ্যমতো শিশুটিৰ ফট’ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে ৷ বহুলোকৰ মতে ই এক চমৎকাৰ ৷
ইফালে স্বাস্থ্য বিভাগৰ এজন বিষয়াই কয় যে ,কেতিয়াবা এনে অসাধাৰণ শিশুৰ জন্ম হোৱা দেখিবলৈ পোৱা যায়৷ এইবাৰ বিহাৰৰ কটিহাৰৰ সদৰ চিকিৎসালয়ত এগৰাকী মহিলাৰ গৰ্ভত এনেকুৱা এক শিশুৱে জন্ম লাভ কৰিছে যাৰ চাৰিখন হাত আৰু চাৰিটা ভৰি আছে ৷ এই খবৰ চিকিৎসালয়ৰ বাহিৰলৈ যোৱাৰ লগে লগে নৱজাতকক চাবলৈ চিকিৎসালয়ত মানুহৰ সমাগম হোৱা দেখা পোৱা গৈছে ৷
চিকিৎসালয় খনৰ মহিলা চিকিৎসক ডক্তৰ শশী কিৰণে কয় যে শিশুটিক অদ্ভূত বুলি কোৱাটো যুক্তিসংগত নহয় ৷ তেওঁৰ মতে এই শিশুটি অসাধাৰণ ৷
আনহাতে বহুজনৰ মতে ই ঈশ্বৰৰ এক মহিমা ৷ নৱজাতকৰ পিতৃৰ মতে গৰ্ভাৱস্থাত কেইবাবাৰো আল্ট্ৰাচাউণ্ড কৰোৱাৰ পিছতো এই কথা জানিব পৰা হোৱা নাছিল ৷ চিকিৎসক সকলেও এই বিষয়ে একো জনোৱা নাছিল তেওঁলোকক ৷এই ক্ষেত্ৰত চিকিৎসক সকলক দোষাৰোপ কৰি তেওঁ কয় যে,আগতে গম পোৱা হ’লে আগতেই আতৰাব পৰা গ’লহেতেন ৷ কিন্তু এতিয়া হে এই কথা কোৱা হৈছে যে শিশুটি অসাধাৰণ আৰু বৰ্তমান শিশুটিৰ অৱস্থা সংকটজনক ৷