অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ অসমবাসীৰ অতিকৈ মৰমৰ কেশৱ মহন্ত যি তেখেতৰ জীৱনকালত প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰিথৈ অসমীয়া সংস্কৃতিৰ ভড়াল চহকী কৰি থৈ গৈছে।
১৯২৬ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত এইজন কেশৱ মহন্তই জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল থানেশ্বৰ মহন্ত। মাগুৰ মৰা প্ৰাইমাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি তেখেতে ১৯৩৭ চনত চতিয়া মজলীয়া চৰকাৰী বিদ্যালয়ত নাম লগায় আৰু ১৯৪৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৪৬ চনত কটন মহাবিদ্যালয়ৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে।১৯৫২ চনত তেখেতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিছাপে যোগদান কৰে। তাৰ পিছত ১৯৫৬ চনত গুৱাহাটী ডনবস্ক’ত শিক্ষক হিচাপে যোগদান কৰে। পুনৰ ১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশক-অনুবাদক হিচাপে যোগদান কৰে। ১৯৬০-১৯৬৩ লৈ কলিকতাত ছোভিয়েট দেশ কাৰ্যালয়ত “ছোভিয়েট দেশ” আলোচনীখনত মুখ্য সম্পাদক হিছাপে কাৰ্যনিৰ্বাহ কৰিছিল কেশৱ মহন্তই।
১৯৭২ চনৰ পৰা ১৯৭৭ চনলৈ বি বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰৱক্তা হিচাপে শিক্ষাদান কৰাৰ পাছত ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশন বিষয়া হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰে।
ইয়াৰ উপৰিও অসমৰ বহুকেইখন আলোচনী লুইত, প্ৰৱাহ, মিলন, মুখপত্ৰ, নতুন সাহিত্য আদিৰ সম্পাদক হিচাপেও তেখেতে দায়িত্ব পালন কৰিছিল।
ৰ’দ জিকিমিকি,বুকুত এজাক ধুমুহা,কুঁৱলী আঁতৰি যা,মোৰ যে কিমান হেঁপাহ,দিশ ধৱলীবৰণ,মোৰ শুকান কলিজাত কুঁহিপাত,আগন্তুক,আমাৰ পৃথিৱী, তোমাৰ তেজ আদি কেইখনমান উল্লেখযোগ্য গীত আৰু কবিতাৰ পুথি।
তেখেতৰ অনুবাদ সাহিত্য সমূহ হ’ল -মানৱ জাতিৰ শত্ৰু,যোগাযোগ,সজ আচৰণ,ঘঁৰিয়ালৰ মুখত বেলি, হিউৱেন চাঙৰ ভাৰত যাত্ৰা,এটা ধুনীয়া মাছ,পক্ষীৰাজ ঘোঁৰা,কিনো গুৱালৰ গালি,ৰক্তকৰবী আদি। আনহাতে শিশু সাহিত্য-বেলি ওলোৱাৰ হাঁহি, মা আমি শদিয়ালৈ যামেই, ইমান যে কি হিঃ হিঃ আৰু অন্যান্য বহুতো । তেওঁ অসমৰ বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰৰ বহু কেইটা জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে।
কেশৱ মহন্তদেৱে ১৯৮৭ চনত অসম সাহিত্য সভাৰ পৰা “তোমাৰ তেজ” কবিতা পুথিৰ বাবে ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰে। ১৯৯৩ চনত “মোৰ যে কিমান হেঁপাহ” গীতৰ পুথিৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটাও লাভ কৰে। ২০০০ চনত তেখেতে অসম চৰকাৰৰ পৰা বিষ্ণু ৰাভা বঁটা লাভ কৰিবলৈও সক্ষম হয়। ২০০১ চনত অসম চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰে।
২০০৬ চনৰ ৩১ মাৰ্চত গুৱাহাটীৰ নিগাজী পামৰ নিজ বাসগৃহত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।