চুলিৰ বাবে আয়োডিন প্ৰয়োজন হয়। চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে যিমান পৰিমানৰ আয়োডিনৰ প্ৰয়োজন হয় সেই পৰিমানৰ আয়োডিন পাবলৈ প্ৰতিদিনে ৫/৬ ফোটা নহৰু নিয়মীয়াকৈ খাব লাাগে।
শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰিবলৈ প্ৰতিসাঁজ আহাৰত ৫ ফোটাকৈ নহৰু নিয়মিত খোৱা উচিত।
গাৰ ছাল মসৃণ বা নিমজ কৰিবলৈ নহৰুৰ তেল বা নহৰুৰ ৰস পানীৰ লগত মিহলি কৰি সানিব লাগে।শৰীৰৰ কোনো অংশত ছাল ফাটিলে নহৰুৰ তেল বা নহৰুৰ ৰস পানীৰ লগত মিশ্ৰণ কৰি ফটা স্থানত সানিলে ছাল ফটা ভাল হয়।
নহৰুৱে শৰীৰত উৎপন্ন হোৱা দূষিত পদাৰ্থসমূহ বাহিৰ কৰাত আৰু অদৰকাৰী কোষসমূহ নষ্ট হোৱাত সহায় কৰে।
আকস্মিক দুৰ্ঘটনাত নহৰু ব্যৱহাৰ কৰিও সুফল পাব পাৰি-
বিষাক্ত কোনো খাদ্য খালে নহৰু ৰস চাহ চামুচেৰে এচামুচত আধা চামুচ পানীত মিহলি কৰি খুৱালে উপকাৰ পোৱা যায়।
বিছাই ডাকিলে নহৰু খুন্দি লগালে যথেষ্ট আৰাম পোৱা যায়।
নিয়মীয়াকৈ প্ৰতিসাঁজতে ৫/ফোটাকৈ নহৰু খালে দেহৰ হাড় ভগা স্থানত জোৰা লগোৱাত সহায় হয়।
সাপ বা অন্যান্য বিষাক্ত পোক-পতংগ ঘৰৰ ভিতৰত যাতে সোমাব নোৱাৰে তাৰবাবে নহৰুৰ তেল ব্যৱহাৰ কৰিব লাগে।
বিষাক্ত পোক-পতঙ্গই কামুৰিলে বিষ নোহোৱা কৰিবৰ বাবে নহৰুৰ তেল বা নহৰু খুন্দি লগালে আৰাম পোৱা যায়।