নতুন দিল্লীৰ ইণ্ডিয়া গেট বুলি কলে আমাৰ সকলোৰে মনলৈ আহে বছৰ বছৰ জুৰি জ্বলি থকা অমৰ জোৱান জ্যোতি শিখা ৷ কিন্তু এতিয়াৰে পৰা আৰু আপুনি দিল্লী ভ্ৰমণ কৰিলে ইণ্ডিয়া গেটত দেখা নাপাব অনবৰতে জ্বলি থকা এই শিখা ৷ ৫০ বছৰ একেৰাহে জ্বলি থকাৰ পিছত ইণ্ডিয়া গেট লনত থকা অমৰ জোৱান জ্যোতিৰ চিৰন্তন শিখা চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব। কিয়নো এই শিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে সৈতে একত্ৰিত কৰা হ’ব। গনতন্ত্ৰ দিৱসলৈ মাজত মাথো কেইদিন বাকী থকাৰ সময়তে আজি এক বিশেষ কার্যসূচীৰ মাজেৰে এই দুয়োটা শিখা একত্ৰীকৰন কৰা হ’ব ৷ প্ৰাপ্ত তথ্য অনুসৰি দুয়োটা শিখা জ্বলাই ৰখাটো ক্ৰমান্বয়ে কঠিন হৈ পৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ৷ তদুপৰি দেশৰ শ্বহীদসকলৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হৈছে, সেয়েহে পৃথকে পৃথকে শিখা জ্লোৱাৰ কোনো যুক্তি নাই বুলিও সেনা সূত্ৰই সদৰী কৰিছে ৷ সূত্ৰটোৱে সদৰী কৰা অনুসৰি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ইণ্ডিয়া গেটত লিপিবদ্ধ হৈ থকা শ্বহীদসকলৰ নামো সন্নিবিষ্ট কৰা হৈছে ৷
উল্লেখ্য যে ১৭৬ কোটি ব্যয়েৰে ৪০ একৰতকৈও অধিক ভূমিত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ২০১৯ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল । ইণ্ডিয়া গেটত অনুষ্ঠিত সকলো সামৰিক আনুষ্ঠানিক অনুষ্ঠান যুদ্ধ স্মাৰকত অনু্ঠিত হৈ আহিছে ৷ যুদ্ধ স্মাৰকত এই শিখাটো কেন্দ্ৰীয় ১৫.৫ মিটাৰ অবেলিস্কৰ তলত অৱস্থিত। চাৰিটা সমকেন্দ্ৰিক বৃত্ত ক্ৰমে – “অমৰ চক্ৰ”, “বীৰ চক্ৰ”, “ত্যাগ চক্ৰ” আৰু “ৰক্ষক চক্ৰ”, য’ত ২৫,৯৪২ জন সৈনিকৰ নাম সোণালী আখৰত গ্ৰেনাইট টেবলেটত লিপিবদ্ধ কৰা হৈছে।