অতিমাত্ৰা শীতৰ বাবেই কানাডাৰ এক অঞ্চলত এটি শিশুসহ চাৰিজন লোকে মৃত্যুক সাৱতি ল’বলগীয়া হৈছে ৷ মধ্য মেনিটোবা প্ৰদেশৰ এমাৰ্চন চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তৰ পৰা প্ৰায় ১২ মিটাৰ দূৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ কানাডিয়ান কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তৰ পৰা কেইমিটাৰ মান দূৰত্বত প্ৰব্ৰজনকাৰীসকলে ব্যৱহাৰ কৰা এটা পথত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ অতিমাত্ৰা ঠাণ্ডাৰ বাবে তেওঁলোকৰ মৃত্যু ঘটা বুলি আশংকা কৰা হৈছে ৷ মৃতদেহ কেইটা উদ্ধাৰৰ সময়ত অঞ্চলটোৰ তাপমাত্ৰা আছিল মাইনাছ ৩৫ডিগ্ৰী চেলচিয়াছ ৷ৰয়েল কানাডিয়ান মাউণ্টেড অৰক্ষীয়ে এক বিবৃতিত কয়, “অনুসন্ধানৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকৰ ঠাণ্ডাৰ বাবে মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ “শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তত এদল লোকক আটক কৰা হৈছিল ৷ তেওঁলোকৰ লগত কেঁচুৱাৰ সামগ্ৰী অৰক্ষীয়ে লাভ কৰিছিল যদিও কোনো কেঁচুৱা পোৱা নাছিল। যাৰবাবে সীমান্তৰ দুয়োফালে অনুসন্ধান আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷এমাৰ্চনৰ এই পথছোৱা প্ৰব্ৰজনকাৰীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মাজত ভ্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰে।