শিশুৰো উচ্চ ৰক্তচাপ হ’ব পাৰে। বিভিন্ন কাৰণত শিশুৰ উচ্চ ৰক্তচাপ হোৱা দেখা যায়। বংশগত কাৰণত কিছুমান শিশুৰ উচ্চ ৰক্তচাপ হয়। তাৰোপৰি মেদ বহুলতা , অধিক পৰিমানে নিমখ খালে , অত্যাধিক মানসিক চাপ , শাৰীৰিক পৰিশ্ৰমহীনতা , খাদ্য , এলাৰ্জি , ধূমপান আৰু মাদক দ্ৰব্য সেৱন কৰা আৰু অত্যাধিক পৰিমাণৰ চৰ্বিজাতীয় খাদ্য খোৱাৰ পৰাও উচ্চ ৰক্তচাপ হ’ব পাৰে।
শিশুৰ উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিব পাৰি এনেদৰে-
১) খাদ্যত কমকৈ নিমখ ব্যৱহাৰ কৰিব লাগে। আমি ব্যৱহাৰ কৰা শাক-পাচলি আৰু ফল-মূল বিলাকত কম-বেছি পৰিমাণে নিমখ পোৱা যায়। গতিকে নিমখ কমকৈ খালে ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
২) আমলখি , শিলিখা , গোলনেমু , কাজি নেমু , সুমথিৰা টেঙা , মৌচুমী টেঙা , তেঁতেলীটেঙা , মধুৰিআম আদিয়ে ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে।
৩) নহৰুৱে ৰক্তচাপ নিয়মীয়া কৰে। পিয়াঁজেও ৰক্তচাপ নিয়মীয়া কৰাত সহায় কৰে। আঁহযুক্ত খাদ্যই ৰক্তচাপ নিয়ন্ত্ৰিত কৰিব পাৰে।
৪) শাৰীৰিক পৰিশ্ৰম নিয়মীয়াকৈ কৰিব লাগে। ব্যায়াম নাইবা খেলা-ধূলা আদিয়ে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰে।
৫) চেনি আৰু চেনিযুক্ত খাদ্য কমকৈ খাব লাগে।
৬) চৰ্বিযুক্ত খাদ্য যেনে মাংস , মাছ , ঘি , মাখন , তেল , বাদাম , কণী , নাৰিকল আদি নোখোৱাই ভাল।
৭) সকলো প্ৰকাৰৰ ধূমপান বৰ্জন কৰিব লাগে।
৮) মানসিক চিন্তাৰ পৰা দূৰত থাকিব লাগে।
৯) সোনকালে শুব লাগে আৰু সোনকালে উঠি মুকলি বতাহত ফুৰিব লাগে।
১০) পটাচিয়াম যুক্ত খাদ্য যথেষ্ট পৰিমাণে খাব লাগে।উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰিবলৈ কল খাব লাগে।