১৯৬০ ৰ দশকত ভিয়েটনাম যুদ্ধৰ বিৰোধী হিচাপে খ্যাতি লাভ কৰা জৈন বৌদ্ধ সন্ন্যাসী, কবি আৰু শান্তি দূত থিচ নাট হানৰ শনিবাৰে ৯৫ বছৰ বয়সত দেহাৱসান ঘটে ৷ ভিয়েটনামৰ হিউ মন্দিৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে কেইবা দশকজুৰি তেওঁৰ শক্তিশালী ভাষণে লাখ লাখ লোকক প্ৰভাৱন্বিত কৰি আহিছে ৷
থিচ নাট হানে অতি মৃদু ভাষাৰে কিন্তু শক্তিশালীভৱে উপস্থাপন কৰি আহিছে- “আপুনি এনেদৰে খোজ কঢ়া উচিত যাতে এনে লাগে আমাৰ দুভৰিয়ে পৃথিৱীখনক চুমাহে যাচিছে ৷” পশ্চিমত বৌদ্ধ ধৰ্মৰ এজন পথপ্ৰদৰ্শক হিচাপে তেওঁ ফ্ৰান্সত “প্লাম ভিলেজ” মঠ গঠন কৰিছিল ৷ তেওঁ ২০১৪ চনত ষ্ট্ৰোকত আক্ৰান্ত হৈছিল আৰু বাকশক্তি হেৰুৱাই পেলাই ৷ পৰৱর্তী সময়ত তেওঁ প্ৰাচীন ৰাজধানী আৰু তেওঁৰ জন্মস্থান হিউলৈ উভতি আহে ৷ তেওঁ জীৱনৰ অধিকাংশ সময় নিৰ্বাসিত অৱস্থাত অতিবাহিত কৰিছিল ৷ লক্ষণীয় যে ১৯২৬ চনত জন্মগ্ৰহণ কৰা থিচ নাট হানক আধুনিক ভিয়েটনামৰ প্ৰতিষ্ঠাপক বিপ্লৱী হো চি মিনৰ সন্ন্যাসী হিচাপে নিযুক্ত কৰা হৈছিল ,যিয়ে দক্ষিণ-পূব এছিয়াৰ দেশখনক ফৰাচী ঔপনিৱেশিক শাসকৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টাৰ নেতৃত্ব দিছিল।সাতটা ভাষা সলসলীয়াকৈ ক’ব পৰা থিচ নাট হানে ১৯৬০ ৰ দশকৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত ভাষন প্ৰদান কৰিছিল ৷