“কানাই বৰশী বোৱা শিলালিপি”ৰ ঐতিহাসিক গুৰুত্ব অসমীয়া ভাষা তথা সমাজতাত্বিক দিশেৰে বহু বেছি। এইখনেই এতিয়ালৈকে আৱিস্কৃত সম্পূৰ্ণ অসমীয়া আখৰত লিখিত প্ৰথমখন ফলি। তুৰস্ক ক্ষয়ৰ সাক্ষী বহন কৰা শিলালিপিখনে প্ৰাগ ঐতিহাসিক কালৰ কিছু ঘটনাৰ সাক্ষ্যও দিয়ে। কৃষ্ণই ইয়াৰ কাষতে বহি ব্ৰহ্মপুত্ৰত বৰশী বোৱা বুলি জনবিশ্বাস প্ৰচলিত। এই শিলত খোদিত এটি পদচিহ্নক কৃষ্ণৰ ভৰিৰ চিহ্ন বুলিয়েই কোৱা হয়।
ইয়াত থকা তিনিখন শিলালিপিয়ে অসমৰ ইতিহাসৰ দুটা অতি গুৰুত্বপূৰ্ণ ঘটনাক ধৰি ৰাখিছে। প্ৰথমটো বখতিয়াৰ খালজীৰ তুৰস্কবাহিনীক ধ্বংস আৰু দ্বিতীয়টো শৰাইঘাটৰ প্ৰথমখন যুদ্ধত মোগলক পৰাজিত কৰাৰ। ভাষাতাত্বিক গুৰুত্বৰ দিশৰ পৰা প্ৰথমখন লিপি পূৰ্ণাংগ অসমীয়া লিপিৰ এক স্বয়ংসম্পূৰ্ণ প্ৰকাশ। অসমীয়া ভাষালৈ পূৰ্ণাংগকৰণৰ স্বীকৃতি।
দুৰ্ভাগ্যৰ কথাটো হৈছে, উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত অৱস্থিত এই শিলালিপি কেইখন অৱক্ষয়ৰ দিশে! পুৰাতত্ব বিভাগৰ হাতত ইয়াৰ সৰক্ষণৰ দায়িত্ব ন্যস্ত কৰা হৈছিল যদিও ইয়াক প্ৰকৃত ভাৱে সংৰক্ষণ কৰা হোৱা নাই। বৰষুণ নপৰিবৰ বাবে ব্যৱস্থাৰ লগতে চোৱা-চিতাৰ বাবে মানুহ নিযুক্তি দিলেও বিজ্ঞানসন্মত উপায় অৱলম্বনেহে এইকেইখন ভৱিষ্যতলৈ সুৰক্ষিত কৰিব পাৰিব।
অসমৰ প্ৰায়বোৰ ঐতিহাসিক মন্দিৰৰ পূজা-অৰ্চনাৰ ফলত বহু পৰিমাণে ক্ষতি হৈছে। এটা সম্পূৰ্ণ বিভাগ এইসমূহৰ সংৰক্ষণৰ দায়িত্বত থকাৰ পাছতো এনে ধৰণৰ কাম হৈ থকাতো জাতিটোৰ বাবেই দুখজনক কথা। ইয়াত অৱস্থিত গণেশ মূৰ্তিটোৰ ইতিহাস অজ্ঞাত। আচৰিত ধৰণেৰে মূৰ্তিটোত ৰং সনাৰ লগতে কাষৰ শিলালিপি খনতো ৰং কৰি দিয়া হৈছে। ইতিমধ্যে অন্যান্য শিলালিপিৰ লগতে কানাই বৰশী বোৱা লিপিৰ ৰঙো বিৱৰ্ণ হৈ আহিছে। ইয়াক আধুনিক শৈললেখনেৰে সংৰক্ষণৰ প্ৰয়োজন। পুৰাতত্ব বিভাগে সাধাৰণ ৰঙৰ পৰিৱৰ্তে শৈললেখনৰ দৰে পদ্ধতিৰ সহায় লৈ শীঘ্ৰেই এইসমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত।