খ্ৰীষ্টান ধৰ্মাৱলম্বী পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ এটা দিন।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত বৰদিন উদযাপনৰ প্ৰস্তুতি তুংগত।গীৰ্জাসমূহৰ সমান্তৰালকৈ বিপনী সমূহতো ভিৰ গ্ৰাহকৰ।এক কথাত কবলৈ গলে বৰদিনক কেন্দ্ৰ কৰি মহানগৰীত দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ।যোৱা ২বছৰ কা’ আন্দোলন আৰু কৰনাৰ বাবে কিছু পৰিমাণে ম্লান হৈছিল পবিত্ৰ বৰদিনৰ ব্যাপক আয়োজনত।
মহানগৰীৰ বিভিন্ন বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান, শ্বপিং ম’লত বৰদিনৰ বিশেষ গছ, লাইট, তৰাৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে।
গুৱাহাটী পাণবজাৰস্থিত খ্ৰাইষ্ট গীৰ্জাঘৰ কৰ্তৃপক্ষই অৱগত কৰা অনুসৰি- প্ৰত্যেক বৰ্ষৰ দৰে যোৱা ১৯ডিচেম্বৰৰ পৰাই আৰম্ভ কৰিছে তেওঁলোকে বৰদিনৰ কাৰ্যসূচী।২৪ ডিচেম্বৰৰ সন্ধিয়া প্ৰাৰ্থনা আৰু ২৫ ডিচেম্বৰ পুৱা ৯.৩০বজাত প্ৰাৰ্থনা অনুষ্ঠিত হব।
ইয়াৰ উপৰিও তেওঁলোকে পহিলা জানুৱাৰীত নৱবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি অৱগত কৰে।
উল্লেখ্য যে সম্পূৰ্ণ ক’ভিড নীতি নিয়ম মানি বৰদিনৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে।বৰদিনৰ দিনা পুৱা প্ৰাৰ্থনা সভাৰ পাছতেই দৰ্শনাৰ্থীৰ বাবে গীৰ্জাঘৰ খোলা থাকিব বুলি কয়।
আনহাতে, যোৱা বৰ্ষৰ দৰে যদি দৰ্শনাৰ্থী ভিৰ হলে নিশা ৯-৯.৩০ বজাত গীৰ্জাৰ গেট বন্ধ কৰি দিব বুলি কৰ্তৃপক্ষই কয়।
আনহাতে , বৰদিনলৈ মাজত এটা দিন বাকী থকা অৱস্থাত গুৱাহাটী বজাৰ-ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহত বৰদিনৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ যথেষ্ঠ ভিৰ পৰিলক্ষিত হৈছে।খ্ৰীষ্টমাছ ট্ৰী , ছান্টাক্লজ, বিভিন্ন আলোকসজ্জাৰ সামগ্ৰী , ষ্টাৰ, ছান্টাক্লজৰ পোচাকৰ চাহিদা বৃদ্ধি পাইছে।১০টকাৰ পৰা আৰম্ভ কৰি ১০হাজৰ টকা পৰ্যন্ত খ্ৰীষ্টমাছ ট্ৰী উপলব্ধ গুৱাহাটী বজাৰত।