চ’তমাহৰ শুক্লা অষ্টমী তিথিত হোৱা বাসন্তী পূজাই প্ৰকৃততে দুৰ্গা পূজা। শ্ৰী ৰামচন্দ্ৰই ৰাৱনৰ কবলৰ পৰা সীতা উদ্ধাৰৰ কাৰণে ঘোৰ তপস্যাৰ বলেৰে অকালবোধন কৰি অৰ্থাৎ দেৱীক অসময়ত জাগ্ৰত কৰি পূজা পাতি সফলতা লাভ কৰিছিল। সেই অনুসৰি আজিও মত্যবাসীয়ে আহিন বা কাতি মাহৰ শুক্লা অষ্টমীত দুৰ্গা পূজা পালন কৰি আহিছে।
বসন্ত কালত উদযাপিত আদ্যাশক্তি দুৰ্গাৰ পূজাই বাসন্তী পূজা।চ’ত মাহৰ শুক্লা ষষ্ঠীৰ পৰা শুক্লাদশমী পৰ্যন্ত এই পূজা অনুষ্ঠিত হয়। মাৰ্কেণ্ডেয় পুৰাণৰ অন্তৰ্গত আখ্যান মতে চন্দ্ৰ বংশজাত সত্যবাদী , দানশীল ৰজা সুৰথে সসাগৰা পৃথিৱী শাসন কৰিছিল । এবাৰ শত্ৰুৱে তেওঁৰ ৰাজ্য কাঢ়ি লোৱাত মানসিক শান্তিৰ কাৰণে মুনিৰ উপদেশ মতে মাটিৰ প্ৰতিমা সাজি তিনি বছৰ মহামায়া দুৰ্গাক পূজা কৰাৰ অন্তত দেৱী সন্তুষ্ট হৈ বৰ দান কৰিলে আৰু তেওঁৰ হেৰোৱা মান-যশ -ৰাজ্য ঘুৰাই পাবলৈ সম্ভৱ হ’ল। এনেকৈয়ে দুৰ্গা পূজা বা বাসন্তী পূজাৰ শুভাৰম্ভ হ’ল। বসন্ত কালৰ বাসন্তী পূজাৰ (দুৰ্গা পূজা) অষ্টমীক অশোকাষ্টমীৰূপে গণ্য কৰি মানুহৰ দুখ-দুৰ্গতি নিবাৰণ কৰিব পৰা অশোক গছক পূজা- পাৰ্বণ কৰাৰ নিয়ম প্ৰচলিত হ’ল।
আন এক লোকবিশ্বাস মতে , মহাসতী সীতাক ৰাৱণে হৰণ কৰি অশোক বনত লুকুৱাই ৰাখিছিল। চ’ত মাহৰ শুক্লাষ্টমীত হনুমানে প্ৰভু ৰামচন্দ্ৰৰ আঙঠি সীতাক প্ৰদান কৰি অভয় দিয়াত আনন্দিতা সীতাই হনুমানক শৌৰ্য-বীৰ্য বৃদ্ধিৰ আশীৰ্বাদ দিছিল। এই মধুৰ স্মৃতিতে অশোক বৃক্ষৰ তলত ভক্ত হনুমান আৰু দেৱী সীতাৰ মূৰ্তি স্থাপন কৰি পূজা-পাতলৰ প্ৰচলন হ’ল। আনহাতে ভাৰতীয় পৰম্পৰাত অশোক গছ আৰু ফুল শান্তি-প্ৰেম-আনন্দৰ প্ৰতীক। বিশ্বাস আছে যে ভক্তি ভাৱেৰে বৃক্ষ দেৱতাক পূজা কৰিলে মানৱৰ দুখ-কষ্ট নোহোৱা হয় আৰু পৰিয়ালত শান্তি-প্ৰেম আৰু আনন্দৰ নিজৰা বয়।
অসমীয়া লোক পৰম্পৰাত সভ্যতা আৰু সংস্কৃতিৰ পূৰ্ণ প্ৰতীক মহাবাহু ব্ৰহ্মপুত্ৰক পাপ বিনাশ কাৰী হিচাপে মান্যতা দিয়া হয়। অশোকাষ্টমীত ব্ৰহ্মপুত্ৰৰ জলৰাশী বেছি পৱিত্ৰ হয়। চ’ত মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত অশোক বৃক্ষৰ ফুল আৰু কলি ভক্ষণ কৰি ব্ৰহ্মপুত্ৰত শুদ্ধ মনেৰে স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে।
আন এক লোক বিশ্বাস মতে , মাতৃহন্তা পৰশুৰামে পিতৃৰ উপদেশ মতে বিশাল ব্ৰহ্মকুণ্ডত স্নান কৰি এটা পাৰ কাটি দিয়াত পৰশুৰামৰ পাপ মোচন হৈ হাতত লাগি থকা কুঠাৰ খন খহি পৰে আৰু পাৰ কাটি দিয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ জলৰাশিয়ে অশোক মুনিৰ আশ্ৰম বুৰাই পেলালে। অশোক মুনিয়ে ক্ষুদ্ধ হৈ ব্ৰহ্মপুত্ৰৰ পৱিত্ৰতা নষ্ট হোৱাৰ অভিশাপ দিলে। ব্ৰহ্মপুত্ৰই স্তুতি-ভক্তি কৰাত মুনিয়ে সন্তুষ্ট হৈ বছৰৰ কোনো এটা দিনত ব্ৰহ্মপুত্ৰক পুণ্যপ্ৰাপ্তি আৰু পবিত্ৰতাৰ আশীৰ্বাদ দিলে। তেতিয়াৰে পৰা অসমত অষ্টমীত বুহ্মপুত্ৰত স্নান অৰ্থাৎ অশোক মুনিৰ নামেৰে অশোকাষ্টমী উদযাপন হবলৈ ধৰিলে।
লোকবিশ্বাস মতে , অশোক ফুলৰ কলি খালে বেমাৰ-আজাৰ নহয় আৰু মনৰ পৰা শোক-তাপ , দুখ , অৱসাদ নোহোৱা হয়। সেৱেহে ভক্তই স্নান কৰি অশোক ফুলৰ কলি খোৱা এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে ।
অশোকাষ্টমীৰ দিনা ব্ৰহ্মপুত্ৰৰ জলৰাশি গংগাৰ নিচিনা মহাপৱিত্ৰ হয় বাবে হিন্দু সকলে মৃতকৰ সদগতিৰ কাৰণে পূৰ্বপুৰুষৰ মৃতকৰ অস্থি ব্ৰহ্মপুত্ৰৰ বুকুতে বিসৰ্জন দি নীতি নিয়ম কৰা দেখা যায়।
অসমৰ শিল্পনগৰী শুলালকুছি , বিখ্যাত নেতাই ধুবুনীৰ ঘাট ধুবুৰী , ইতিহাস প্ৰসিদ্ধ শিলঘাট, গুৱাহাটীৰ শুক্ৰেশ্বৰ -অশ্বক্ৰান্ত , তেজপুৰৰ বিশ্বনাথ আদিত মহা সমাৰোহেৰে অশোকাষ্টমী উদযাপন হৈ অসমীয়া সংস্কৃতিৰ পথাৰখন চহকী কৰি ৰাখিছে।