কোভিড ১৯ৰ ভয়াবহতাৰ বাবে প্ৰায় দুটা বছৰ উৎসৱ-পাৰ্বন উদযাপনৰ ক্ষেত্ৰত সীমাবদ্ধতা আহি পৰিছে। ২০২১ চনত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গণেশ চতুৰ্থীৰ পূজাও সীমিত পৰিসৰৰ মাজেৰে উদযাপন কৰা হয়। উৎসৱৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকিলেও এইবাৰ সমগ্ৰ মুম্বাইতে মূৰ্তি নিৰ্মাতাসকলে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা দেখা গ’ল।
ইণ্ডিয়া টুডেত প্ৰকাশ পোৱা অনুসৰি তেওঁলোকে মূৰ্তিসমূহ নিৰ্মাণ কৰোতে কিছু সামাজিক বাৰ্তা অন্তৰ্ভুক্ত কৰি মূৰ্তিবোৰক অনন্য ৰূপ দিবলৈ যত্ন কৰিছিল। মূৰ্তিবোৰৰ সৈতে জড়িত কৰা বিষয়বোৰৰ ভিতৰত আছে কোভিদ যোদ্ধা, হিন্দমাতা বানপানী, মুম্বাইৰ উপকূলীয় পথ আৰু বহুতো। এনে কিছু ব্যতিক্ৰমী বিষয় হৈছে,
খেতৱাড়ীত অৱস্থিত এই মূৰ্তি নিৰ্মাণৰ উদ্দেশ্য আছিল কোভিড যুদ্ধাসকলক অভিবাদন জনোৱা। উল্লেখ্য যে গণেশ উৎসৱৰ এই সজ্জা তৈয়াৰ কৰিবলৈ এমাহৰ অধিক সময় লাগিছিল। তেওঁলোকে অভিবাদন জনোৱাসকলৰ ভিতৰত আছে চিকিৎসক, আৰক্ষী, চিকিৎসা কৰ্মচাৰী, পৰিষ্কাৰ কৰ্মচাৰী, ৰাজহুৱা পৰিবহন চালক আৰু বাছৰ কণ্ডাক্টৰ।
খেতৱাড়ী ওখ গণপতি মূৰ্তিৰ বাবে জনাজাত কিন্তু এই বছৰ কোভিডৰ প্ৰতিবন্ধকতাৰ বাবে সকলো গণপতি মূৰ্তিৰ আকাৰ সৰু আছিল। মণ্ডলৰ এজন সদস্য প্ৰসাদ কাৰঞ্জাৱকাৰে মন্তব্য কৰে যে কোভিড ১৯ৰ বাবে সকলো মানুহ গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। যিহেতু ভাইৰাছ এতিয়াও আছে। কোভিড যোদ্ধাসকলে তেওঁলোকৰ জীৱনৰ বাবে ভয় নকৰাকৈ মানৱ জাতিক ৰক্ষা কৰিছিল। সেয়েহে এই বছৰৰ পূজা তেওঁলোকৰ নামত উৎসৰ্গা কৰি যোদ্ধাসকলক অভিবাদন জনোৱা হয়।
হিন্দমাতা বানপানীৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে মুম্বাইৰ চিয়নত থকা ফ্ৰেংকলিন পলৰ ঘৰত নিৰ্মাতাসকলে হিন্দমাতা বানপানীৰ এক বিতং প্ৰতিকৃতি সৃষ্টি কৰিছিল, যি প্ৰতি বছৰে বাৰিষা ঋতুত হয়। বানপানীৰ মাজতে গণপতি বাপ্পাই তেওঁৰ নিগনিটো বচাবলৈ চেষ্টা কৰা দেখা গৈছে।
ঘৰটোৰ গৰাকী ফ্ৰেংকলিন পলে কয় যে দিব খোজা বাৰ্তাটো অতি স্পষ্ট। মুম্বাইবাসীয়ে প্ৰতি বছৰে সন্মুখীন হৈ থকা সমস্যাটো সমাধান কৰিব লাগিব। ভগৱান গণেশ সমস্যা সমাধান কৰিবলৈ ইয়াত আছে।লগতে পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব মানুহৰ। আন্তঃগাঁথনি আৰু উন্নয়ন ভাল কিন্তু পৰিৱেশৰ বিনিময়ত নহয়।
নিৰ্মাতা অদ্বৈত সপ্তে উল্লেখ কৰিছিল যে তেখেতক সজ্জাৰ বাবে প্ৰায় এমাহ সময় লাগিছিল। তেওঁলোকে কেইবাবাৰো হিন্দমাতাৰ চাৰিওফালে ঘূৰিছিল। মন কৰিবলগীয়া যে এই গোটেই সজ্জাটো পৰিৱেশ-অনুকূল। আনকি গণপতি বাপ্পাৰ মূৰ্তিও পৰিৱেশ-অনুকূল।
কোভিড১৯ ভেকছিনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ৰোকাডে পৰিয়ালৰ ঘৰত বালক বৈদ্যৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। ২০২১ চনটো তেখেতসকলৰ গৃহত গণপতি উৎসৱৰ ৬৬ তম বছৰ। গণপতি বাপ্পা হৈছে বালক বৈদ্য বা চিকিৎসকৰ অৱতাৰ।
,পৰিয়ালৰ জাহ্নৱী ৰোকাডে উল্লেখ কৰিছিল যে এই মূৰ্তিৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাটো হ’ল গণপতি বাপ্পাই ভক্তসকলক তেওঁৰ প্ৰিয় লাডু প্ৰদান কৰিছে। লাডুবোৰ হৈছে কোভিড ১৯ ভেকছিন। লগতে তেওঁ সকলোকে ভেকছিন ল’বলৈ অনুৰোধ কৰে। কোভিড১৯ অতিক্ৰম কৰিব বিচাৰিলে সকলোৱে নিজকে টিকাকৰণ কৰাবই লাগিব।
মুম্বাইৰ উপকূলীয় পথৰ যান-বাহনৰ বোজা হ্ৰাস কৰিবলৈ মুম্বাইৰ ভৱিষ্যত উপকূলীয় পথৰ আৰ্হিৰে এইবাৰৰ গণেশ পূজা সজোৱা হয় দীপক মাকৱানাৰ ঘৰত। দীপক মাকৱানা এজন আভ্যন্তৰীণ গৃহ পৰিকল্পনাকাৰী। তেখেতে প্ৰতি বছৰে এনে ধৰণৰ অনন্য সজ্জা প্ৰস্তুত কৰে। মাকৱানাই কয় যে উপকূলীয় পথটোৱে মুম্বাইৰ ৰাস্তাত যান-বাহনৰ বোজা লাঘৱ কৰিব।