মাঘ বিহু অসমীয়াৰ অতি আদৰৰ , অতি চেনেহৰ। পথাৰৰ সোণগুটিয়ে ভঁৰালৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে আৰ্থিক ভাৱে টনকিয়াল হোৱা মানুহবোৰৰ মনবোৰ ভৰি থাকে আনন্দৰে।চাৰিওপিনে ভোগ , আনন্দ আৰু সুখ-শান্তিৰে উদযাপন কৰা অসমীয়াৰ মৰমৰ বিহুটি ভোগালী বিহু নামে পৰিচিত। পুঁহ -মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। সংক্ৰান্তিৰ আগদিনটোক উৰুকা বোলে। উৰুকাৰ দিনা ডেকা – বুঢ়া সকলোৱে লগ লাগি মুকলি পথাৰত বাঁহ- খেৰেৰে মেজি সাজে আৰু কাষতে নৰা , কল গছৰ শুকান পাতেৰে ভেলা ঘৰ বনায়। ভেলা ঘৰতে সকলোৱে মিলি ভোজ-ভাত খায়। বিহুৰ কেইদিনমান আগৰ পৰাই মহিলা সকলে পিঠাগুড়ি খুন্দি বিভিন্ন ধৰনৰ লাড়ু , পিঠা , সান্দহ আদি তৈয়াৰ কৰি থয়। উৰুকাৰ পিচদিনা অৰ্থাৎ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা সকলোৱে সোনকালে উঠি শীতৰ ঠাণ্ডাকো গুৰুত্ব নিদি গা ধুই আহি মেজি ঘৰত জুই লগাই দিয়ে। ঠাই বিশেষে কিছুমান ঠাইত তামোল-পাণ আৰু কণী এযোৰ মেজিৰ ওচৰত আগবঢ়াই অগ্নিদেৱতাক সেৱা জনাই মেজিত জুই দিয়ে।কিছুমান ঠাইত তিল , বৰা চাউল , তিলোৱা আদিৰে অগ্নি দেৱতাক পূজা কৰে।
” অগ্নি প্ৰজ্বলিতং বন্দে চাৰ্তুবৰ্ণ হতাশনম
সুবৰ্ণ বৰ্ণমমলং জ্যোতিৰূপায়তে নমঃ” বুলি গাই অগ্নি সেৱা কৰে।
লোক বিশ্বাস আছে যে – অতি পুৰণি কালত ‘ভেলা’ নামৰ এজন বুঢ়া আছিল। বুঢ়া-বুঢ়ীৰ আপোন বুলিবলৈ কোনো নাছিল। বুঢ়াই গৰখীয়া লৰাক বৰ মৰম কৰিছিল। এদিন বুঢ়া-বুঢ়ী ঘৰৰ ভিতৰতে মৰি থাকিল। গৰখীয়া লৰাবোৰে বুঢ়া-বুঢ়ীক দেখা নাপাই ঘৰৰ দুৱাৰ কাটি ভিতৰলৈ সোমাই গ’ল। বুঢ়া-বুঢ়ীক মৃত অৱস্থাত দেখা পাই গৰখীয়াবোৰে ঘৰৰ ভিতৰতেই শৱ সৎকাৰ কৰিলে। বুঢ়া- বুঢ়ীৰ আত্মাৰ সদগতি কামনা কৰি ‘মকল-ভোজ’ খালে। সেইবাবে এই ভোজৰ নাম ভেলা ভোজ আৰু ভোজ খোৱা ঘৰটোৰ নাম বুঢ়াৰ নাম অনুসৰি ভেলাঘৰ। (সংগৃহীত)
মেজি বা ভেলাঘৰ পুৰি শেষ হোৱাৰ পিছত আধাপুৰা বাঁহ এদাল লৈ সকলোৱে ঘৰৰ লাগনি গছত লগাই দিয়ে , বিশ্বাস আছে যে এনে কৰিলে গছত অধিক ফল হয়। বিহুৰ কেইদিন সকলোৱে দৈ-চিৰা , লাড়ু , পিঠা , সান্দহ আদি খায় আৰু আত্মীয় -স্বজন , বন্ধু-বান্ধৱক মাতি আনি খুৱায়। বিহুৰ দিনা জেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লোৱাৰ পৰম্পৰা অতীজৰে পৰা আজিও প্ৰচলিত হৈ আহিছে। মাঘ মাহৰ ভোগালী বিহুৱে অকল মনৰেই সুখ বা আনন্দ নানে , আনে গোটেই বছৰৰ ভঁৰাল উপচাই থোৱা আনন্দৰ বতৰা।
বিহুৰ কেইদিনত মুকলি পথাৰত পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হয় । গাওঁৰ ডেকা -গাভৰু , লৰা- ছোৱালী , বুঢ়া-মেধা সকলোৱে খেলত অংশ গ্ৰহন কৰে।
কিছুমান অঞ্চলত ম’হ যুঁজ , কুকুৰাযুঁজ , কণীযুঁজ আদি খেলৰ প্ৰতিযোগিতা পাতি ঐক্য আৰু পৰম্পৰা বৰ্তাই ৰাখে।
জোনবিল মেলা
মধ্য অসমৰ মৰিগাঁও জিলাৰ দক্ষিণ -পশ্চিমত অৱস্থিত গোভা মৌজাৰ জোনবিল পথাৰত মাঘৰ মাহৰ দ্বিতীয়টো বুধবাৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়। পাহাৰ-ভৈয়ামৰ শান্তি – সম্প্ৰীতিৰ এনাজৰী এই জোনবিল মেলা। প্ৰবাদ অনুসৰি – জোনবিল মেলা গোভা ৰজাৰ ‘নৱান খোৱা’ অৰ্থাৎ নখোৱা উৎসৱ। গোভা ৰজাৰ নৱান খোৱাৰ সোঁৱৰণিত প্ৰতি বছৰে পতা হয় এই জোনবিল মেলা।
কিংবদন্তি অনুসৰি , গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাই ( কিছুমানৰ মতে ৰজা পাণ্টেশ্বৰ) শুক্ল পক্ষৰ সুন্দৰ ৰাতি ৰাণীৰ সৈতে বিহাৰ কৰি আহি এখন বিলৰ পাৰত অৱস্থান কৰে তেতিয়াই বিলৰ ফটফটীয়া জলৰাশিত প্ৰতিবিম্বিত সুন্দৰ জোনটি দেখি ৰজা-ৰাণী আনন্দত আত্মহাৰা হৈ পৰে। আৰু লগে লগে ৰজাৰ আদেশত ৰজা-ৰাণীক আনন্দ দিয়া সেই জোন প্ৰতিবিম্বিত বিল খনৰ নাম হৈ পৰে জোনৰ বিল অৰ্থাৎ জোনবিল। আকৌ তাতে ৰজাৰ আদেশ অনুসৰি ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ মেলা অনুষ্ঠিত হ’বলৈ ধৰিলে , যি ক্ৰমে জনাজাত হৈ পৰিল বিখ্যাত ‘ জোনবিল মেলা ৰূপে।
অতীজৰে পৰা ভৈয়ামৰ তিৱা আৰু অনা তিৱাৰ মাজত জোনবিল হাটত বিনিময় প্ৰথা প্ৰচলিত হৈ আহিছে।
বৰ্তমান সময়ত জোনবিল মেলা বুলি ক’লেই আমাৰ মনলৈ আহে অসমৰ জাতি-বৰ্ণ , ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেসে সকলো শ্ৰেণীৰ লোকেৰে লোকাৰণ্য হোৱা এটি জনসমুদ্ৰলৈ। পৌৰাণিক পৰম্পৰাক তিয়া সকলে নিষ্ঠা আৰু গৌৰৱেৰে আজিৰ দিনতো ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি আহিছে -য’ত আছে প্ৰাচীন মানৱ সভ্যতাৰ সুন্দৰ আদান-প্ৰদান আৰু বিচিত্ৰ বিনিময় প্ৰথা। পাহাৰ -ভৈয়ামৰ লোকৰ মধুৰ সম্পৰ্ক আৰু সুন্দৰ সমন্বয়ৰ লেখ , তিয়া জনজাতিৰ বৈচিত্ৰময় নৃত্য-গীত, প্ৰাচীন গোভা ৰজাৰ কৰ -কাটল সংগ্ৰহৰ নমুনা আৰু হাট-বজাৰ আদি। স্বাভাৱিকতে জোনবিল মেলা যেন জোনৰ স্নিগ্ধ পোহৰৰ মেলা , যি মেলাত প্ৰতিভাত হয় বিভিন্ন চিন্তা-চৰ্চা , আনন্দ ফুৰ্তিৰে মানুহক আদৰি লোৱাৰ এক সীমাহীন আনন্দৰ প্ৰতিধ্বনি।
প্ৰাচীন তিয়াৰ ‘গোভা ৰাজ্য’ শাসিত বৰ্তমানৰ জাগীৰোডৰ সমীপত ইতিহাসৰ জীৱন্ত সাক্ষী জোনবিলৰ পাৰতেই মাঘ বিহুৰ সময়ত উদযাপিত হয় বিখ্যাত জোনবিল মেলা আৰু তিনিদিন ধৰি চলে এই জোনবিল মেলা।
জোনবিল মেলাৰ প্ৰথমদিনা মেঘালয় আৰু কাৰ্বিআলং আদিৰ পৰা মামা-মামি সকল নামি আহে। পাহাৰত উৎপাদিত হোৱা আদা ,কচু , হালধি , কোমোৰা , তিল , জলকীয়া , পাহাৰীয়া আলু আৰু বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী লগত লৈ আহে।
জোনবিল মেলাৰ দ্বিতীয় দিনা পুঁৱতি নিশাৰ পৰাই আৰম্ভ হয় বিনিময় প্ৰথা। মামা-মামিৰ আলু-কচুৰ সৈতে ভৈয়ামৰ তিৱা-অনাতিৱা ভাই-ভনি হঁতে চিৰা , পিঠা , সান্দহ , কেঁচামাছ , শুকান মাছ ,ভাপত দিয়া বৰা চাউল আদিৰে বিনিময় আৰম্ভ কৰে। এই বিনিময় প্ৰথাত টকা-পইচাৰ লেন-দেন নহয়। বাস্তৱিকতে দিয়া-লোৱাৰ কি এক অপূৰ্ব ব্যৱস্থা আৰু এয়াই যেন ঐতিহ্যবহনকাৰী ‘জোনবিল মেলা ‘ৰ মূল বৈশিষ্ট্য — য’ত আছে সীমাহীন আন্তৰিকতা , বুজাবুজি আৰু সমন্বয়-সম্প্ৰীতিৰ সঁচা ৰূপ। ৰজাদিনীয়া কালৰে পৰা আজিৰ দিনতো জোনবিল মেলাত বিনিময় প্ৰথা চলি আহিছে এয়া বৰ গৌৰৱৰ বিষয়। শান্তি -সম্প্ৰীতিৰ ঐতিহ্য বহনকাৰী জোনবিল মেলা অকল মধ্য অসমৰে নহয় , সমগ্ৰ অসমবাসীৰ গৌৰৱ।