“পৰম দুৰ্বোধ আত্ম তত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিষত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।
তাহান চৰিত সুধা সিন্ধু , তাত স্নান কৰি দীন বন্ধু
চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰয়।”
শ্ৰী কৃষ্ণৰ ৰাস ক্ৰীড়া অতি গভীৰ আধ্যাত্মিক তত্ত্বপূৰ্ণ লীলা। একান্ত ভক্তৰ পক্ষেহে এই গভীৰ তত্ত্ব উপলদ্ধি কৰাটো সম্ভৱ। সংসাৰী জীৱৰ দুৰ্বোধ আত্ম – তত্ত্ব জ্ঞান লাভৰ অৰ্থেই ভগবানে লীলা অৱতাৰ ধৰে । জীৱাত্মা পৰমাত্মাৰে অংশ যদিও মায়াৰ আৱৰণে আৱৰি থকা বাবে জীৱাত্মাই পৰমাত্মাৰ সান্নিধ্য লাভ কৰিব নোৱাৰে।
ভক্তি পথত অগ্ৰসৰ হোৱা জীৱৰ মায়াৰ আৱৰণ ভগৱানে নিজৰ কৃপা গুণে আতঁৰাই দিয়ে। শ্ৰীকৃষ্ণই গোপীসকলৰ বস্ত্ৰহৰণ লীলাৰ যোগেদি ৰাসক্ৰীড়াৰ প্ৰাক্ মুহূৰ্তত এই তত্ত্বকেই প্ৰকাশ কৰিছে।
ভগৱানৰ সান্নিধ্য পাবলৈ হলে সকলো কামনা-বাসনা ত্যাগ কৰি , তেওঁকেই আশ্ৰয় কৰি প্ৰেম-ভক্তি নিবেদন কৰিব লাগিব। ভগৱানৰ সান্নিধ্য লাভৰ প্ৰাচীৰ স্বৰূপ মায়াৰ কপট আৱৰণ আতঁৰি যোৱাৰ পাছত পৰমাত্মাৰ জীৱাত্মাৰ মধুৰ মিলনৰ যি ৰসময়ী আনন্দ অনুভূতি , সেই পৰম আনন্দ অনুভূতিয়েই ৰাসক্ৰীড়া।
” ভকতৰ পদে আপুনি হৰি ।
ক্ৰীড়িলা ৰঙ্গে নৰদেহ ধৰি ।।”
সংসাৰৰ কামনা-বাসনাত মগ্ন হৈ থকা ভক্ত জীৱবোৰৰ হৃদয়ৰ কাম-পীড়া দূৰ কৰিবৰ কাৰণেই ভগবানে অৱতাৰ গ্ৰহণ কৰি এই কাম ক্ৰীড়া কৰিছে।
জ্বৰত তিতা বড়ি খালে জ্বৰৰ উপশম হয়। ল’ৰা -ছোৱালীয়ে তিতা খাব নিবিচাৰে। সেইবাবে চেনীৰ এটা মিঠা প্ৰলেপ দি জ্বৰত ভোগা ল’ৰা ছোৱালীক তিতা পিল খুৱাই জ্বৰৰ উপশম কৰা হয় ।ভগৱান শ্ৰীকৃষ্ণইও কাম-পীড়াত অসুস্থ জীৱক কাম-কেলিৰ যোগেদি ৰাস-ক্ৰীড়াৰ অন্তৰ্নিহিত ভক্তি মহৌষধ পাণ কৰাই ভক্ত জীৱক সংসাৰৰ মায়াৰ আৱৰণ আতৰাই আনন্দময় , চিৰ’শান্তিময় , ৰসময় ধামলৈ লৈ যোৱাৰ সু-ব্যৱস্থা কৰি গৈছে। সেয়ে গুৰু জনাই কৈ গৈছে——-
” শৃঙ্গাৰ ৰসে আছে যাৰ ৰতি।
আক শুনি হৌক নিৰ্মল মতি।।
ইটো ৰাস ক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনৈ যিটো নৰ
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম সাগৰে সুখে হৈবে পাৰ ।।”
ৰাস ক্ৰীড়াত কোনো অশ্লীলতাপূৰ্ণ দেহিক মিলনৰ আভাষ নাই। ৰাসলীলাত গোপী সকলৰ শ্ৰীকৃষ্ণৰ লগত কায়িক মিলন নহয় ; আত্মিক মিলনহে। কিয়নো , গোপী সকলোক স্বামীয়ে ঘৰতে থকা যেন অনুভৱ কৰিছিল। আনকি , যশোদাইও কৃষ্ণক শৰ্যাত থকাকে দেখিছিল।
গতিকে ৰাসক্ৰীড়া অদৈহিক অনন্ত কেলি। পৰমাত্মাৰ লগত জীৱাত্মাৰ আনন্দময় , ৰসময় , মধুৰ মিলনেই ৰাসক্ৰীড়া।