অহা ১৪ জুলাই ,বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বানীকান্ত কাকতি প্ৰেক্ষাগৃহত অসমৰ এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কৃষ্টিপথাৰ এক্টিং স্কুলৰ কণমানি সকলৰ দ্বাৰা পৰিবেশন কৰা হ’ব ‘আমাৰ কথা’ শীৰ্ষক এখনি শিশুনাট ৷ নাটখনৰ ৰচনা আৰু পৰিচালনা কৃপাল কলিতাৰ ৷ সহ পৰিচালনাৰ দায়িত্বত আছে নম্ৰতা শৰ্মা আৰু শিৱাৰাণী কলিতা ৷ আনহাতে নাটকখনৰ নৃত্য পৰিচালনা কৰিছে বিজয়া সাহাই ৷
বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ যোগেদি শিশু তথা চেমনীয়াসকলৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধনৰ চেষ্টা কৰি নৱ প্ৰজন্মক এক সুন্দৰ পথ দেখুৱাবৰ বাবে অহোপুৰুষাৰ্থ কৰা সাংস্কৃতিক অনুষ্ঠান কৃষ্টি পথাৰৰ দ্বাৰা মঞ্চস্থ হ’বলগীয়া শিশুনাট ‘আমাৰ কথা’ৰ পৰিচালক কৃপাল কলিতাৰ দ্বাৰা নিৰ্মিত অসমীয়া ছবি ‘ব্ৰীজে’শুভমুক্তি লাভ কৰাৰ পূৰ্বেই ইতিমধ্যে ৩৮খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক আৰু সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনে অহা ৩০ছেপ্টেম্বৰত অসমৰ ছবীগৃহত মুক্তি লাভ কৰিব বুলি নিৰ্মাতাজনে জানিবলৈ দিছে ৷
নাট খন পৰিবেশনৰ দিনা ড০ বানীকান্ত কাকতি প্ৰেক্ষাগৃহত উপস্থিত হৈ শিশু অভিনেতা সকলক উৎসাহিত কৰিবলৈ সকলো সংস্কৃতিপ্ৰেমী ৰাইজকে আহ্বান জনাইছে নাটখনৰ পৰিচালক কৃপাল কলিতাসহ কৃষ্টিপথাৰ এক্টিং স্কুলৰ প্ৰতিজন বিষয়ববীয়া তথা সদস্যই ৷