আকৰ্ষণীয় কণ্ঠৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত সংগীতৰ কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’৷দুখৰ বিষয় যে শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যজনিত সমস্যাই অনুৰাগী সকলৰ পৰা আঁতৰাই ৰাখিছে তেওঁক ।
“মাই হাৰ্ট উইল গ’ অন”, “অল বাই মাইছেল্ফ”, আৰু বহুতো জনপ্ৰিয় গীতৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত গ্ৰেমী বিজয়ী গায়িকা চেলিন ডিয়ন ২০২২ চনত ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰম’ত আক্ৰান্ত হয়।
যাৰ বাবে তেওঁ বহু অনুষ্ঠান আৰু ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হৈছিল আৰু চেলিনে আকৌ কেতিয়াবা লাইভ অনুষ্ঠান কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছিল।
অৱশ্যে ২০২৩ চনৰ মে’ মাহত প্ৰিমিয়াৰ হ’বলগীয়া ছবি ‘লাভ এগেইন’ৰ বাবে চেলিনে নতুন সংগীত মুকলি কৰিব যদিও ছবিখনৰ প্ৰচাৰৰ বাবে নে লাইভত পৰিবেশন কৰিব সেয়া এতিয়াও স্পষ্ট নহয়।
‘মাই হাৰ্ট উইল গ’ অন’খ্যাত ৫৪বছৰীয়া চেলিন ডিয়ন বিশ্বৰ অন্যতম জনপ্ৰিয় গায়িকা। টাইটানিক ছবিত এই গীতটোৱেই তেওঁক বিশ্ববাসীৰ লগত পৰিচিত কৰোৱাই নহয় তেওঁ সৰ্বমুঠ পাঁচটা গ্ৰেমী বঁটাও লাভ কৰিছে। কিন্তু ২০২২ চনৰ ডিচেম্বৰ মাহত শেহতীয়াকৈ স্বাস্থ্যজনিত আতংকৰ বাবেই কিছু সময় ছুটী ল’বলগীয়া হৈছে শিল্পী গৰাকীয়ে ।
২০২২ চনৰ ৮ ডিচেম্বৰত চেলিনে ইনষ্টাগ্ৰামকে ধৰি সামাজিক মাধ্যমত এটা আৱেগিক ভিডিঅ’ৰ জৰিয়তে নিজৰ ষ্টিফ পাৰ্চন চিণ্ড্ৰম (এছপিএছ) ৰোগত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰি এক শোকাকুল খবৰেৰে বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল।
জন হপকিন্স মেডিচিনৰ মতে, প্ৰায়ে প্ৰায় “এক লাখ লোকৰ ভিতৰত এজন বা দুজন” আক্ৰান্ত হোৱা এই বিৰল অৱস্থাটোৱে স্নায়ুজনিত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে ।
সেই সময়ত এই ভিডিঅ’টোৰ যোগে কয় যে অনুৰাগী সকলৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁৰ ইমান সময় লাগিল বাবে তেওঁ দুখী। লগতে তেওঁ কয় যে তেওঁ মঞ্চত উপস্থিত হৈ অনুৰাগীসকলৰ লগত ব্যক্তিগতভাৱে কথা পাতিবলৈ অপেক্ষা নোৱাৰে। সকলো খুলি ক’ব পৰাকৈ তেওঁ এতিয়া মানসিক ভাৱে সাজু ৷ বহুদিনৰ পৰাই তেওঁ তেওঁৰ এই স্বাস্থ্যৰ সমস্যাৰ সৈতে মোকাবিলা কৰি আহিছে আৰু এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱাটো আৰু সেইবোৰৰ বিষয়ে কোৱাটো তেওঁৰ বাবে সঁচাকৈয়ে কঠিন হৈ পৰিছে। তেওঁ এই কথাও ব্যক্ত কৰিলে যে শেহতীয়াকৈ তেওঁৰ ষ্টিফ পাৰ্চন চিনড্ৰম নামৰ এক অতি বিৰল স্নায়ুজনিত বিকাৰ ধৰা পৰিছে, যি ৰোগত প্ৰতি লাখ মানুহৰ ভিতৰত এজন হে আক্ৰান্ত হয়৷
কি এই ষ্টিফ পাৰ্চন চিণ্ড্ৰম?
নেশ্যনেল ইনষ্টিটিউট অৱ নিউৰ’লজিকেল ডিছঅৰ্ডাৰছ এণ্ড ষ্ট্ৰ’কৰ মতে, ষ্টিফ পাৰ্চন চিনড্ৰমৰ ফলত পেশীৰ কঠিনতা আৰু শব্দ আৰু পোহৰৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পোৱাৰ লগতে অশান্তিৰ সৃষ্টি হ’ব পাৰে । যাক ধৰা পেলাবলৈ বছৰ বছৰ লাগিব পাৰে আৰু বৰ্তমান এই ৰোগৰ কোনো নিৰাময় নাই।