বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি ভিডিঅ’ ৷ যি ভিডিঅ’ত এজন যুৱকে এগৰাকী নাৰীৰ চৰিত্ৰত ভাও লৈ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে ৷ তেওঁৰ সাজ-সজ্জা তথা অভিনয়ে সকলোকে ভাবিবলৈ বাধ্য কৰালে যেন তেওঁ যুৱক নহয় এগৰাকী যুৱতীহে ৷ ‘গান্ধাৰীৰ অভিশাপ’ নামৰ নাটখনিত দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰি সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ এই সীমান্ত বৰা নামৰ যুৱকজন ৷
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ বিপৰীতে অৱশ্যে বহুলোকেই নেতিবাচক মন্তব্য প্ৰদান কৰাও দেখা গৈছে ৷ মহাপুৰুষ দুজনাৰ সৃষ্টিক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে সীমান্তৰ দৰে সংস্কৃতিবান যুৱকজনে কৰা এই প্ৰচেষ্টাই নিশ্চয়কৈ সমাজতো এক ইতিবাচক প্ৰভাৱেই পেলাইছে আৰু এই ভাওনা সংস্কৃতিৰ প্ৰতি নৱ-প্ৰজন্মকো আকৃষ্ট কৰিছে ৷ অসমৰ এটি জনপ্ৰিয় ডিজিটেল মেডিয়া টাইম৮ এ সম্প্ৰচাৰ কৰা এটি সাক্ষাৎকাৰত ৰাইজে ভিডিঅ’টো আকোঁৱালি লোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে সীমান্তই ৷অৱশ্যে প্ৰথম অৱস্থাত তেওঁ একো গম পোৱা নাছিল বুলি ব্যক্ত কৰি সীমান্তই কয় যে ভাওনা পৰিবেশন কৰাৰ পিছদিনাহে তেওঁৰ এই ২৮মিনিটৰ দ্ৰৌপদীৰ প্ৰবেশৰ ভিডিঅ’টোৱে সামাজিক মাধ্যমত সমাদৰ লাভ কৰা দেখি তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে ৷ আনহাতে ভিডিঅ’টো আপলোড কৰা ব্যক্তিগৰাকীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে যুৱকজনে ৷
তৃতীয় শ্ৰেণীৰ পৰাই ভাওনা কৰা সীমান্ত নামৰ এই যুৱকজনে মেট্ৰিক পাছ কৰাৰ পিছৰপৰাই ভাওনা সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ পৰে বুলি ব্যক্ত কৰি এই কথাও অকপটে কয় যে তেওঁ নাৰী চৰিত্ৰ ৰূপায়ণৰ ক্ষেত্ৰত হে আগৰপৰাই অধিক আগ্ৰহী ৷ ভাওনা বা অভিনয় তেওঁৰ প্ৰাণ আৰু যেতিয়ালৈকে পাৰে তেওঁ এই অভিনয় কৰি যাব ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে এজন পুৰুষ হৈ মহিলাৰ অভিনয় কৰাটো অতি কঠিন কাম যাৰ বাবে প্ৰয়োজন বহু কষ্ট আৰু অভ্যাসৰ ৷ ভৱিষ্যতেও আৰু ভাল অভিনয় কৰি যাবৰ বাবে দৰ্শকৰ পৰা আশীৰ্বাদ কামনা কৰে যোৰহাটৰ এই প্ৰতিভাৱান যুৱকজনে ৷
শেষত তেওঁ এই কথাও কয় যে অভিনয় কৰি তেও ঘৰ চলোৱা নাই ৷ কিন্তু এই অভিনয়ৰ যোগেদিয়েই তেওঁ যি মাননি লাভ কৰে তাৰ পৰাই তেওঁ নিজৰ লগতে ঘৰখনৰ অভাৱবোৰো পূৰণ কৰাৰ চেষ্টা কৰে বুলি ব্যক্ত কৰে সীমান্ত বৰা নামৰ এই অসমীয়া যুৱকজনে ৷