কেউফালে কেৱল গ্ৰন্থ মেলাৰ পয়োভৰ ৷ অৱশ্যে তাৰ সমান্তৰাল ভাৱে পাঠকৰ সংখ্যা যে বৃদ্ধি পাইছে সেয়া হয়তো আমি থিৰাংকৈ ক’ব নোৱাৰোঁ ৷ কিন্তু এয়াও এক ভাল খবৰ যে পূৰ্বৰ তুলনাত নতুন নতুন গ্ৰন্থৰ অৱশ্যেই সৃষ্টি হৈছে ৷ কেৱল গল্প-উপন্যাস বা কবিতাই নহয় সৃষ্টি হৈছে শিশু সাহিত্যৰ পৰা আৰম্ভ কৰি আন ভিন ভিন বিষয়ক উন্নত মানৰ বহু গ্ৰন্থৰ ৷
শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকত এখন গ্ৰন্থ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰিলে বৰ্তমান সময়ত অসমৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী তথা প্ৰশিক্ষক ৰবিজিতা গগৈয়ে ৷ ফেচবুকত ‘অসম নাট্যকোষ’ নামৰ গ্ৰন্থখনিৰ বেটুপাত আৰু উন্মোচনী অনুষ্ঠানৰ ফটো আপলোড কৰি গগৈয়ে লিখিলে যে মিণ্টু শইকীয়াৰ চিন্তা, পৰিকল্পনা, অধ্যয়ন আৰু গবেষণাৰে চাৰি বছৰীয়া কষ্টৰ ফচল এই গ্ৰন্থখন। যাৰ প্ৰকাশক দুলিয়াজানৰ ‘পথাৰ নাট্য গোষ্ঠী’।
ইয়াৰ পিছত তেওঁ লিখিলে যে কিতাপ খন চাই তেওঁৰ এনে ভাব হ’ল যে মিন্টু শইকীয়া একনিষ্ঠতা , ধৈৰ্য, সাহস আৰু প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী। অন্যথা এনে এক গভীৰ তথ্য সমৃদ্ধ বিশাল কাম কেতিয়াও সম্ভৱ হৈ নুঠিল হেতেন। মুঠ সাতটা অধ্যায়ৰ এই নাট্য কোষখনত অসমীয়া নাট্য ক্ষেত্ৰখনৰ বহুতো তথ্য সামৰি ৰখা হৈছে। গ্ৰন্থখন সন্দৰ্ভত তেওঁ অতুল চন্দ্ৰ হাজৰিকাৰ ” মঞ্চলেখা “ৰ কথা উল্লেখ কৰি ক’লে যে ” মঞ্চলেখা “ৰ পাচত এইখনেই সম্ভৱতঃ অসমীয়া নাটকৰ তথ্য সমৃদ্ধ দ্বিতীয় খন গ্ৰন্থ।
২৬ডিচেম্বৰ তাৰিখে ‘প্ৰতিদিন টাইম’ চেনেলৰ মূখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠান ৰ মাজেৰে আনুষ্ঠানিক ভাবে মুকলি কৰা হয় এই গ্ৰন্থখন । পথাৰ নাট্য গোষ্ঠী, মিন্টু শইকীয়া আৰু প্ৰতিদিন টাইম সকলোৰে সামগ্ৰিক ইচ্ছাৰ বাবে এই পোষ্টটোৰ যোগেদিয়েই তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷