আহোম নৃপতি সকলে প্ৰথা অনুসৰি কেইবা গৰাকীও স্ত্ৰীৰ পাণিগ্ৰহণ কৰিছিল।তেওঁলোকে “স্বৰ্গদেউৰ কুঁৱৰী” নামেৰে সমাজত স্বীকৃতি পাইছিল। স্বৰ্গদেউৰ প্ৰধান মহিষী তিনিগৰাকী হল-বৰকুঁৱৰী ,ৰাইডঙীয়া কুঁৱৰী আৰু পৰ্বতীয়া কুঁৱৰী। স্বৰ্গদেৱে তেখেতৰ শেষ বয়সত কোনোবা স্ত্ৰীক বিবাহ কৰালে তেওঁক তামুলী কুঁৱৰী খিতাপ দিয়া হৈছিল। এই কুঁৱৰীসকল আহোম ৰাজ্যৰ উচ্চ পদস্থ বিষয়াৰ দুহিতা বা কাষৰীয়া ৰাজ্যৰ ৰাজকুঁৱৰী হোৱাতো নিয়মৰ নিচিনা আছিল। ইয়াৰ পিছত স্বৰ্গদেৱে সাধাৰণ যুবতীক বিবাহ কৰিলে তেওঁলোকক মাহী কুঁৱৰী আখাা দিয়া হৈছিল ।
কুঁৱৰী সকলৰ অৱস্থান আৰু সন্মান অনুসৰি বিস্তীৰ্ণ এলেকাৰ এখণ্ড ভূমিত তেওঁলোকৰ বাবে মহল নিৰ্মাণ কৰিছিল। সেই মহল ‘ৰাণী মহল’ নামে জনাজাত।এই মহলত স্বয়ং স্বৰ্গদেৱেও জাননী দিহে সোমাব পাৰিছিল।
বৰকুঁৱৰী:-
স্বৰ্গদেৱৰ প্ৰধান ৰাজমহিষী হিচাপে পৰিচিত বৰকুঁৱৰী ৰূপ-গুণৰ অধিকাৰী হ’ব লাগিছিল। ৰাজসভাত স্বৰ্গদেউৰ কাষত থাকি শাসনকাৰ্যত পৰামৰ্শ দিব পৰাকৈ সুচতুৰ আৰু ৰাজনীতিৰ জ্ঞান থাকিব লাগিছিল । স্বৰ্গদেৱৰ অনুপস্থিতিত কোনো কোনো বৰকুঁৱৰীয়ে শাসন কাৰ্য পৰিচালনা কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে।প্ৰজাৰ উন্নতিৰ বাবে মন্দিৰ – বিদ্যালয় আদি নিৰ্মাণ , পাঠ্যপুথি প্ৰণয়ন আদি জনহিতকৰ কামবোৰ নিজৰ ইচ্ছাত কৰিব পাৰিছিল। বৰকুঁৱৰীয়ে সকলোখিনি ৰাজসুবিধা ভোগ কৰিছিল।বান্দী-বেটীৰে পৰিপূৰ্ণ কুঁৱৰীটোলত বৰকুঁৱৰীয়ে এজনী হাতধৰা লিগিৰী পোৱাৰো উল্লেখ আছে।
ৰাইডঙীয়া কুঁৱৰী:-
দ্বিতীয় প্ৰধানগৰাকী ৰাইডঙীয়া কুঁৱৰী ৰূপ-গুণৰ অধিকাৰী হ’ব লাগিছিল। ৰাজ কাৰ্যৰ পৰিচালনাত পৰামৰ্শ দিব নোৱাৰিলেও জনহিতকৰ কামবোৰত আগভাগ ল’ব পাৰিছিল। বৰকুঁৱৰী ৰাজকাৰ্যত ভাগ লোৱাত ব্যস্ত থকা বাবে কুঁৱৰীটোল সমূহৰ কাম কাজৰ চোৱা-চিতা ৰাইডঙীয়া কুঁৱৰীয়ে কৰিছিল বুলি জনা যায়। এইজনা কুঁৱৰীয়ে বৰকুঁৱৰীৰ দৰে ৰাজকীয় সুবিধাবোৰ ভোগ কৰিছিল।
পৰ্বতীয়া কুঁৱৰী:–
তৃতীয় প্ৰধান গৰাকী পৰ্বতীয়া কুঁৱৰী ৰূপৰ লগতে গুণেৰেও সমৃদ্ধা হ’ব লাগিছিল। পৰ্বতীয়া কুৱৰীয়ে প্ৰজাৰ উপকাৰ কৰাৰ অৰ্থে কিছু গঠন মূলক কাম কৰিব লগীয়া হৈছিল ।পৰ্বতীয়া কুঁৱৰীৰ টোল আছিল বৰকুঁৱৰী টোলৰ তৃতীয় সৰু নিদৰ্শন।ৰজা ঘৰীয়া সুবিধা কম পৰিমানে এই কুঁৱৰীয়ে ভোগ কৰিছিল।
তামুলী কুঁৱৰী:–
শেষ বয়সত স্বৰ্গদেৱে প্ৰয়োজন অনুসৰি উচ্চ মানবিশিষ্ট লোকৰ গুণী-ৰূপবতী কন্যাক বিবাহ কৰালে সেই কোমলমতীয়া কুঁৱৰীয়ে সমাজত তামুলীকুঁৱৰী আখ্যা পাইছিল। ৰজাঘৰীয়া সুবিধা পাইছিল যদিও আন ৰাণী কেইগৰাকীতকৈ বহুত কম বুলিব পাৰি।তিনি গৰাকী প্ৰধান কুঁৱৰীৰ কাৰোবাৰ মৃত্যু হ’লে সেই স্থান তামুলী কুঁৱৰীয়ে লাভ কৰিছিল।
মাহী কুঁৱৰী বা চমুৱা কুঁৱৰী:–
আনন্দ-বিলাসৰ কাৰণে স্বৰ্গদেৱে ভাল লগা কোনো সাধাৰণ লোকৰ জীয়ৰীক বিবাহ কৰালে সেই স্ত্ৰীক মাহী কুঁৱৰী বা চমুৱা কুঁৱৰী বুলি জনা গৈছিল। এই কুঁৱৰীৰ সংখ্যা সৰহ। এওঁলোকে থকা-খোৱাৰ সুবিধা পাইছিল যদিও প্ৰয়োজন সাপেক্ষেহে আন সুবিধা সমূহ ভোগ কৰিছিল।লাহ-বিলাহৰ জীৱন বাদ দি তেওঁলোকে একেটা টোলতে জীৱন নিৰ্বাহ কৰিছিল।
আই কুঁৱৰী:–
স্বৰ্গদেৱৰ বিধৱা স্ত্ৰীক আইকুঁৱৰী আখ্যা দিয়া হৈছিল।আইকুঁৱৰী সকলৰ বাবে বাৰী কুঁৱৰী নগৰ প্ৰতিষ্ঠা কৰা হৈছিল। এওঁলোক একেটা টোলতে একেলগে থাকিব লগীয়া হৈছিল। ৰজাঘৰীয়া সা-সুবিধা মাহী কুঁৱৰী সকলৰ দৰে আছিল। অভিজ্ঞ আইকুঁৱৰীয়ে ৰাজ্য শাসনত সু পৰামৰ্শ আগবঢ়াব পাৰিছিল।
বৰ কুঁৱৰীৰ পৰা মাহীকুঁৱৰী লৈকে , প্ৰতিগৰাকী কুঁৱৰীয়ে সাজোন কাচোনেৰে স্বৰ্গদেৱক মোহিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। ৰূপকাৰে পৰিধান কৰাই দিয়া পাটৰ ৰিহা-মেখেলা , খনীয়া কাপোৰৰ আৱৰণ আৰু শিৰত কপালী , গলত গলপতা , জোনবিৰি , হাতত মুঠিখাৰু , কাণত কেৰু , আঙুলিত জেঠিপতীয়া আঙুঠি আদি আভৰণেৰে সু সজ্জিতা হৈ থাকিছিল। বিভিন্ন সুগণ্ঠিযুক্ত সামগ্ৰীৰে মোহময়ী হৈ স্বৰ্গদেৱৰ প্ৰতিক্ষাৰতা হৈ থকাই কুঁৱৰীহতঁৰ আন এক প্ৰধান কাম আছিল। কোনজনা কুঁৱৰীয়ে ৰজাৰ সতে নিশা যাপন কৰিব সেয়া বৰকুঁৱৰীয়ে নিৰ্ণয় কৰিছিল। এইদৰে সাজি-কাচি দিনৰ পাছত দিন , ৰাতিৰ পাছত ৰাতি কোনো কুঁৱৰীয়ে (মাহীকুঁৱৰী)অপেক্ষা কৰিও স্বৰ্গদেৱৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ থকাৰ কথা জানিব পৰা যায়। আমি স্বীকাৰ কৰিবই লাগিব , চোকা প্ৰহৰীৰ আবেষ্টনীৰ মাজত সুসজ্জিত হৈ থকা আহোম কুঁৱৰী সকল আভিজাত্যৰ এক বিৰল প্ৰতীক।