এসময়ৰ বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী চায়েৰা বানু গুৰুত্বৰভাৱে অসুস্থ। মুম্বাইৰ হিন্দুজা হাস্পাতালত ভৰ্তি কৰোৱা অভিনেত্ৰী গৰাকী ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈছে।খবৰ অনুসৰি তিনিদিন পূৰ্বে অসুস্থ হোৱা এই ৭৭ বছৰ বয়সীয়া অভিনেত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি হোৱাত বুধবাৰে আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছে।
প্ৰায় দুমাহ পূৰ্বে অভিনেত্ৰী গৰাকীৰ স্বামী বলীউদৰ বলীষ্ঠ অভিনেতা তথা ট্ৰেজেদি কিং খ্যাত দিলিপ কুমাৰৰ বাৰ্ধক্য জনিত ৰোগত ৯৮ বছৰ বয়সত মৃত্যু হৈছিল।৫৪ টা বছৰ একেলগে জীৱন অতিবাহিত কৰা দিলিপ-চায়েৰাৰ এই যুটিক অমৰ প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হ’য়।
দিলিপ কুমাৰৰ মৃত্যুৰ পিছত সকলো সময়তে ছাঁৰ দৰে দেখা পোৱা অভিনেত্ৰী গৰাকী খুবেই অকলশৰীয়া হৈ পৰিছিল।ওৰেটো জীৱন দিলিপ কুমাৰৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি নিজকে ধন্য হোৱা বুলি কৈ অহা এই মোহময়ী অভিনেত্ৰী গৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে এতিয়া সকলোৱে অভিনেত্ৰী গৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।