কৰ’নাৰ দ্বিতীয় লহৰৰ মাজতে ছবিগৃহত মুক্তি লাভ কৰিছে এখন ব্যয় বহুল হিন্দী ছবি ‘বেলবটম’।মুক্তিৰ পূৰ্বে চৰ্চা লাভ কৰা ছবিখনে দৰ্শকৰ বিপুল সমাদৰ পাবলৈ সক্ষম হৈছে।
ৰঞ্জিত এম তিৱাৰীৰ দ্বাৰা পৰিচালিত ছবিখনত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা তথা অসম সন্তান আদিল হুছেইনে।একেদৰে এই থ্ৰিলাৰ ছবিখনত জনপ্ৰিয় হোৱা এটি গীতৰ সংগীত ব্যৱস্থাপনাৰ দায়িত্বত আছিল অন্য এক অসম সন্তান শান্তনু দত্ত।

উল্লেখযোগ্য যে শান্তনু দত্তৰ দ্বাৰা ব্যৱস্থাপনা কৰা খায়ৰ মাংগদে(khair Mangde) শীৰ্ষক এই গীতটো পুৰুষ আৰু মহিলা দুটা সংস্কৰণতে বাণীবদ্ধ হৈছে। পুৰুষৰ কন্ঠত দৰ্শন ৰাৱল আৰু মহিলাৰ কন্ঠত প্ৰতিভা সিং ৰাঘেলে কন্ঠ নিগৰাইছে। মুক্তিৰ দিন ধৰি বক্স অফিচত প্ৰায় ২০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ছবিখনে।
এখন বিমান হাইজেক আৰু যাত্ৰীসকলক উদ্ধাৰ কৰা গোপন অভিযানৰ ওপৰত নিৰ্মিত ছবিখনত জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ, লাৰা দত্ত,হুমা কুৰেছি আৰু বাণী কাপুৰে অভিনয় কৰিছে।