বলিউডৰ ছবি নিৰ্মাতা তথা পৰিচালক ৰোহিত চেট্টীয়ে নিৰ্মাণ কৰিব লৈছে তেঁওৰ বহু চৰ্চিত ছবি “Singham” ৰ তিনি নম্বৰ খণ্ড। বৰ্তমান “Sooryavanshi“ ছবিৰ বাবে অপেক্ষাৰত পৰিচালক গৰাকীয়ে তেঁওৰ আহিবলগীয়া তিনি নম্বৰ ছবিখনৰ পাণ্ডুলিপিৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে। প্ৰাপ্ত তথ্য মতে এই ক্ষেত্ৰত তেঁওক সহযোগ কৰিছে লেখক য়ুনাছ চাজাৱালয়ে।
উল্লেখ্য যে ৰোহিত চেট্টীয়ে এইবাৰ তেঁওৰ ছবিত আৰক্ষী বিষয়াৰ আৰু এটা চৰিত্ৰ সংযোজন কৰিব বুলি জানিব পৰা গৈছে। বৰ্তমান তেঁওৰ আৰক্ষীৰ দলটোত অজয় দেবগণ (Singham) , অক্ষয় কুমাৰ(Sooryavanshi) আৰু ৰণবীৰ সিং (Simmba) এই তিনিজন অভিনেতাই পুলিচৰ চৰিত্ৰত অভিনয় কৰিছে।
প্ৰাপ্ত তথ্য মতে নতুনকৈ সংযোজন হ’বলগীয়া আৰক্ষী বিষয়াৰ চৰিত্ৰটিত কোনে অভিনয় কৰিব সেই কথা এতিয়াই চিনেমাপ্ৰেমী দৰ্শকক জনাই দিয়া নাই। প্ৰযোজক তথা নিৰ্মাতা সকলে সেই কথা দৰ্শকক আচম্বিত কৰিবলৈ লুকুৱাই ৰাখিছে।
নিৰ্মাতা সকলৰ মতে “Singham 3” ছবিখনত দৰ্শকে সচৰাচৰ দেখি থকাতকৈ এক সুকীয়া সোৱাদ পাব। উল্লেখ্য যে ৰোহিত চেট্টীয়ে ২০১১ চনত অজয় দেৱগণক মুখ্য চৰিত্ৰটিৰ অভিনেতা হিচাপে লৈ নিৰ্মাণ কৰিছিল “Singham” ছবিখন। ইয়াৰ পাছত ২০১৪ চনত ছবিখনৰ দ্বিতীয় খণ্ডও মুক্তি পায়। আনহাতে ২০১৮ চনত ৰণবীৰ সিংক লৈ নিৰ্মাণ কৰে “Simmba” নামৰ ছবিখন। এই ছবিত অজয় দেৱগণে বিশিষ্ট ব্যক্তি হিচাপে ভূমুকি মৰাৰ লগতে ছবিখনৰ শেষৰ ফালে অক্ষয় কুমাৰে সূৰ্যবংশী (Sooryavanshi) হিচাপে ভূমুকি মাৰে।
প্ৰাপ্ত তথ্য মতে সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থকা “Sooryavanshi” ছবিৰ মুখ্য চৰিত্ৰত অক্ষয় কুমাৰে অভিনয় কৰাৰ লগতে ৰণবীৰৰ “Simmba” আৰু অজয়ৰ “Singham” য়েও সহযোগ কৰিছে।