‘অক্ষৰধাম’ মানে হৈছে ঈশ্বৰৰ বাসস্থান । ভক্তি, পবিত্ৰতা আৰু শান্তিৰ স্থান হিচাপে পৰিগণিত নতুন দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম হৈছে এনে এক মন্দিৰ যাক পৰম ঈশ্বৰৰ বাসস্থান হিচাপে বিশ্বাস কৰা হয়৷ হিন্দুসকলৰ পূজাঘৰ, ভক্তি, শিক্ষণ আৰু সমন্বয়ৰ প্ৰতি উৎসৰ্গিত এই আধ্যাত্মিক আৰু সাংস্কৃতিক মন্দিৰ । যাৰ শিল্প আৰু স্থাপত্যত প্ৰতিধ্বনিত হৈছে হিন্দু সকলৰ আধ্যাত্মিক বাৰ্তা, ভক্তি পৰম্পৰা আৰু প্ৰাচীন স্থাপত্য সকলো।হিন্দু ধৰ্মৰ অৱতাৰ, দেৱতা আৰু মহান ঋষি ভগৱান স্বামীনাৰায়ণ (১৭৮১- ১৮৩০)ৰ নামত এই মন্দিৰ।২০০৫ চনৰ ৬ নৱেম্বৰত পৰম্পৰাগত শৈলীৰ এই মন্দিৰ উদ্বোধন কৰা হয়।
কেৱল আৰু কেৱল আধ্যাত্মিকতা প্ৰতিধ্বনিত হয় অক্ষৰধামৰ দশোদিশে য’ত আছে দুশৰো অধিক মূৰ্তি, যিয়ে বহু সহস্ৰাব্দৰ বহু আধ্যাত্মিক কাহিনী তথা শক্তিশালী ব্যক্তিকো প্ৰতিনিধিত্ব কৰে।
সঁচা অৰ্থত অক্ষৰধাম ভ্ৰমণ হ’ল এক আধ্যাত্মিকভাৱে সমৃদ্ধিশালী অভিজ্ঞতা। প্ৰাৰ্থনাৰ শক্তি কিম্বা অহিংসাৰ শক্তি অনুভৱ কৰাই হওক, হিন্দু ধৰ্মৰ প্ৰাচীন নীতিৰ সাৰ্বজনীন স্বৰূপৰ প্ৰতি সচেতন হোৱাই হওক নাইবা কেৱল পৃথিৱীত ঈশ্বৰৰ বাসস্থানৰ সৌন্দৰ্য্যক প্ৰশংসা কৰাই হওঁক এই মন্দিৰৰ প্ৰতিটো উপাদানৰেই যেন আছে আধ্যাত্মিক তাৎপৰ্য ৷
২০০৫ চনৰ ৬ নৱেম্বৰত মুকলি কৰা এই পবিত্ৰ মন্দিৰ ‘বোচাসনৱাসী শ্ৰী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা’ (BAPS)ৰ দ্বাৰা নিৰ্মিত ৷ এই মন্দিৰ নিৰ্মাণৰ সময়ত সমগ্ৰ বিশ্বৰ পৰা ৮ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছিল ৷ সঁচা অৰ্থত শিল আৰু মাৰ্বলৰ দ্বাৰা নিৰ্মিত এই মন্দিৰ ভগৱান স্বামীনাৰায়ণৰ জীৱন দৰ্শন , প্ৰাৰ্থনা, কৰুণা, অহিংসা আদি প্ৰতিফলিত কৰা হিন্দু ধৰ্মৰেই যেন প্ৰদৰ্শন।য’ত আছে মুকলি বাগিচা, জলাশয় আৰু বিশাল প্ৰাংগন ৷