বলীউডৰ ছবি আৰু সংগীতসমূহ যে সমগ্ৰ বিশ্বতে জনপ্ৰিয় শেহতীয়াকৈ সেই কথাৰ প্ৰমাণ পোৱা গ’ল । আমেৰিকাৰ নৌসেনাৰ এদল বিষয়াই পৰিবেশন কৰা এটি হিন্দী গীতৰ ভিডিঅ’ বহুল ভাৱে প্ৰচাৰিত হ’ল সামাজিক মাধ্যমত ৷
নাৱৰ ভিতৰতে নৌ-বিষয়া কেইগৰাকীয়ে কৰণ জোহৰৰ ছুপাৰ হিট ছবি ‘কাল হো না হো’ৰ শীৰ্ষ সংগীত পৰিবেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে ৷ আনকি ছবি নিৰ্মাতাগৰাকীয়েও সামাজিক মাধ্যমত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে ।
কৰণে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে নৈশ আহাৰ গ্ৰহণৰ সময়ত আমেৰিকান নৌসেনাৰ বিষয়াসকলে ‘কল হো না হো’ ছবিখনৰ শীৰ্ষ সংগীতটো পৰিবেশন কৰি থকাৰ ভিডিঅ’ ৷ ভিডিঅ’টোত আমেৰিকাৰ নৌসেনাৰ এজন বিষয়াই গীটাৰ বজাই থকা দেখা গৈছে আৰু এজন পুৰুষ আৰু এগৰাকী মহিলাই ‘কল হো না হো’ গীতটো পৰিবেশন কৰিছে।
And the song lives on @Javedakhtarjadu @iamsrk @Shankar_Live @EhsaanNoorani #Loy @nikkhiladvani https://t.co/rpuVKD7IHY
— Karan Johar (@karanjohar) August 25, 2022
ভাৰতৰ জনপ্ৰিয় গায়ক চনু নিগমে কণ্ঠদান কৰা এই গীতটিয়ে সেই সময়তেই বিপুল জনপ্ৰিয়তা লাভ কৰিছিল যি আজি কোনো গুণে কম হোৱা নাই । ২০০৩ চনত মুক্তি লাভ কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বলীউড তাৰকা শ্বাহৰুখ খান, প্ৰীতি জিন্টা আৰু ছেইফ আলী খানে।