অনুৰাগ শইকীয়া অসমৰ সংগীত জগতৰেই নহয় সমগ্ৰ ভাৰতৰ বাবেই এতিয়া এক পৰিচিত নাম ৷ অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে বহু কেইটা অসমীয়া,হিন্দী উৎকৃষ্ট সংগীতৰ সৃষ্টি কৰা এইগৰাকী গায়ক,গীতিকাৰ,সুৰকাৰ তথা সংগীত পৰিচালক বৰ্তমান সময়ত প্ৰতিগৰাকী অসমীয়াৰ বাবেই গৌৰৱৰ কাৰণ ৷ অসমৰ এখন সৰু চহৰ মৰাণত জন্ম গ্ৰহণ কৰা অনুৰাগ ড০ অনিল শইকীয়া আৰু দীপালি শইকীয়াৰ সুযোগ্য সন্তান ৷ সৰুৰেপৰাই এক সংস্কৃতিবান পৰিবেশত ডাঙৰ-দীঘল হোৱা অনুৰাগে পিতৃ-মাতৃৰ পৰাই সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল ৷ আনহাতে মৰাণৰ সাংস্কৃতিক পৰিবেশেও তেওঁক হয়তো এই ক্ষেত্ৰত বহু সহায় কৰিছিল ৷
শেহতীয়াকৈ এই সংগীত পৰিচালক গৰাকীয়ে সামাজিক মাধ্যম ফেচবুকৰ তেওঁৰ পে’জত আপলোড কৰা এখন ফট’ আৰু তাৰ কেপচনে নেটিজেন সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ বিশেষকৈ অসমীয়া ৰাইজে অভিনন্দন সূচক মন্তব্য আৰু শুভকামনাৰে ওপচাই পেলাইছে অনুৰাগ শইকীয়াক ৷ নেটিজেন সকলৰ দ্বাৰা দুই শতাধিক বাৰ শ্বেয়াৰ হোৱা এই ফটোখনে সঁচাকৈয়ে গৌৰৱান্বিত কৰিছে অসমীয়া ৰাইজক ৷
‘ভূমি ২০২২’শীৰ্ষক এটি গীতৰ বাবে এখন ফটো আপলোড কৰি তেওঁ লিখিছে যে অসমৰ মৰাণৰ পৰা নিউয়ৰ্কৰ টাইমছ স্কোৱাৰ নাছডাক (TIMES SQUARE NASDAQ, New York) ৰ এই বিশাল বিলবোৰ্ডত স্থান পোৱাটো সঁচাকৈয়ে বিশেষ। ইয়াৰ বাবে তেওঁ পোষ্টটোৰ যোগেদি চেলিম-চুলেমানক ধন্যবাদ জ্ঞাপন কৰিছে ৷ লগতে তেওঁ ক’লে যে পুনৰ ‘ভূমি-২০২২’ৰ অংশ হ’বলৈ পোৱাটো তেওঁৰ বাবে এক গৌৰৱৰ কথা।
আনহাতে এই গোটেই যাত্ৰাটোত তেওঁৰ কাষত থকা প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোৰে আশীৰ্বাদ বিচাৰিলে অসম গৌৰৱ অনুৰাগ শইকীয়াই ।
অতি সোনকালেই ‘জানকী’ক ৰাইজৰ মাজলৈ আগবঢ়াই দিব বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ সংগীত পৰিচালক গৰাকীয়ে৷