শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে আজি মহাষষ্ঠীৰ দিনটোত ‘মা চিত্ৰকলা বিদ্যালয়’ৰ সৌজন্যত বিহামপুৰৰ দুৰ্গাপূজা মণ্ডপত এখন আকৰ্ষণীয় চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনীৰ উন্মোচন কৰা হয় ৷ চিত্ৰ-ভাস্কৰ্য প্ৰেমী সকলক আকৰ্ষিত কৰাৰ লগতে নতুন প্ৰজন্মক চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে আয়োজন কৰা এই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট চিত্ৰশিল্পী অবিনাশ মজুমদাৰে ।
চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনীখনত ‘মা চিত্ৰকলা বিদ্যালয়’ৰ শিক্ষক ব্ৰজেন তালুকদাৰ, ভাস্কৰ তালুকদাৰ, মানৱ শইকীয়া আদিৰ উপৰিও উপস্থিত থাকে সংগীত শিল্পী অটল ডেকা, প্ৰেৰণা পুথিভঁড়ালৰ পৰিচালক চুমি বৰ্মন, ভিতালী ডেকা, মৃন্ময় হালৈ, উদ্যাপন সমিতিৰ বিষয়ববীয়া ৰণ্টু গোস্বামী আদি । সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে অহা ৪ অক্টোবৰ অৰ্থাঁ নৱমীৰ দিনালৈকে চলিব এই প্ৰদৰ্শনীখন ।