অসমৰ এগৰাকী স্বনামধন্য চিত্ৰশিল্পী তসদ্য প্ৰয়াত ৰবীন বৰুৱাই অংকণ কৰা চিত্ৰ সমূহক একত্ৰিত কৰি এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে গুৱাহাটী আৰ্টিষ্ট গিল্ড আৰু অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফট চছাইটিয়ে ৷ আনহাতে প্ৰচাৰ বিমূখ শিল্পী গৰাকীয়ে অংকণ কৰা অমূল্য চিত্ৰকৰ্ম সমূহৰ জড়িয়তে তেওঁক জনসমাজত জীয়াই ৰাখিব খোজাৰ এই প্ৰয়াসৰ বাবে সহযোগিতা আগবঢ়াইছে সাংস্কৃতিক সঞ্চালকালয়, অসমে ৷
উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ ৰাজ্যিক আৰ্ট গেলেৰীত অহা ২৫ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈকে পুৱা ১১বজাৰ পৰা সন্ধিয়া ৬বজালৈকে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সদ্যপ্ৰয়াত শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা চিত্ৰসমূহৰ এক আকৰ্ষণীয় চিত্ৰ প্ৰদৰ্শনী ৷
আনহাতে ২৫ছেপ্টেম্বৰত বিয়লি ৩বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হ’ব পাঁচ দিনীয়া এই চিত্ৰ প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠান ৷ উক্ত প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ এগৰাকী বিশিষ্ট শিল্পী ননী বৰপূজাৰীয়ে ৷ উক্ত অনুষ্ঠানতে শিল্পী ৰবীন বৰুৱাৰ স্মৰণিকা উন্মোচন কৰিব বিশিষ্ট কবি বিপুল জ্যোতি শইকীয়াই ৷ আনহাতে এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আন এগৰাকী বিশিষ্ট শিল্পী সমীৰণ বৰুৱা ৷ ৷
২৫ৰ পৰা ২৯ ছেপ্টেম্বৰলৈকে ৰবীন্দ্ৰ ভৱনৰ ৰাজ্যিক আৰ্ট গেলেৰীত অনুষ্ঠিত হ’ব লগীয়া এই চিত্ৰ প্ৰদৰ্শনীত উপস্থিত থাকি তেওঁলোকক উৎসাহিত কৰিবলৈ তথা শিল্পী গৰাকীৰ এই সৃষ্টিৰাজিৰ যোগেদি তেওঁক জনমানসত জীয়াই ৰখাৰ এই প্ৰয়াসক সফল কৰিবৰ বাবে সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে শিল্পী ৰবীন বৰুৱাৰ পত্নী জোনা ফুকন বৰুৱাই ৷