অসমীয়া ছবি জগতৰ লগতে বৰ্তমান বলীউডৰ এগৰাকী ব্যস্ত অভিনেত্ৰী তেওঁ। অসমীয়া ভাষাৰ কেইবাখনো লেখত ল’বলগীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা এইগৰাকী অসমীয়া যুৱতীয়ে নিজৰ দুৰ্দান্ত অভিনয়ৰ জৰিয়তে এতিয়া বলীউডতো খোপনি পুতিবলৈ সক্ষম হৈছে।অভিনয় জগতৰ লগত ওতপ্ৰোত ভাৱে জড়িত এইগৰাকী অসম কন্যাৰ নাম উৰ্মিলা মহন্ত ।
উৰ্মিলা মহন্তক এইবাৰ দেখা যাব বলীউডৰ এখন বহুল চৰ্চিত নতুন ছবি ‘ডায়েল-১০০’ (Dial 100) ত । বলীউডৰ বিখ্যত অভিনেতা মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিছে এইগৰাকী অসমীয়া যুৱতীয়ে।ছবিখনত উৰ্মিলাৰ লগতে অভিনয় কৰিছে হিন্দী ছবিজগতৰ আন দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী নীনা গুপ্তা আৰু সাক্ষী তানৱাৰে। ‘ডায়েল-১০০’ (Dial 100) এই ছবিখন পৰিচালনা কৰিছে ৰেঞ্চিল ডিচিলভাই।
উল্লেখ্য যে ২০১৫ চনত উৰ্মিলা মহন্তই “মাঞ্জি-দ্য মাউণ্টেইন মেন” ছবিত নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে অভিনয় কৰিছিল। ২০১৬ চনত “আকিৰা ‘’ আৰু ২০১৮ চনত বহুল চৰ্চিত ছবি “পেড মেন” তো অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে। অসমীয়া আৰু হিন্দীৰ উপৰিও উৰ্মিলাই তামিল আৰু বঙালী ছবিত অভিনয় কৰাৰ লগতে বিভিন্ন ভাষাৰ নাটক,দূৰদৰ্শনৰ ধাৰবাহিক আৰু চুটি ছবিত অভিনয় কৰিছে।
বৰ্তমান উৰ্মিলা মুম্বাইৰ বাসিন্দা যদিও তেঁওৰ জন্ম অসমৰ সোণাপুৰত। শৈশৱৰে পৰা বিভিন্ন নাটকত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেত্ৰীয়ে প্ৰথম অৱস্থাত দুৰদৰ্শনৰ ধাৰাবাহিক যেনে ‘মাৰ্ডাৰ’, ‘তেজিমলা’ আদিত অভিনয় কৰিছিল।পুনেৰ ভাৰতীয় ছবি আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা তেঁও স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেতিয়াৰে পৰা অভিনয়ত মনোনিবেশ কৰি আহিছে।
উল্লেখযোগ্য যে ‘ডায়েল-১০০’ (Dial 100) চিনেমাখনত উৰ্মিলাই এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে । টুইটাৰত এখন পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে নতুন ছবিখনৰ বিষয়ে অনুৰাগীসকলক জনোৱাৰ লগতে পৰিচালক ৰেঞ্চিল ডি’চিলভা, অভিনেতা মনোজ বাজপেয়ী, নীনা গুপ্তা, সাক্ষী তানৱাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। ‘ডায়েল-১০’ ছবিখন সকলোৱে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিভাবান অভিনেত্ৰী গৰাকীয়ে।