কালি নিশা ডিব্ৰুগড়ৰ মনোহৰী ৰিজৰ্টত বাথৰুমত পৰাৰ পিছত অসুস্থ হৈ পৰা বাবে আজি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অসমৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গক ।যাক লৈ সমগ্ৰ অসমতে বিশেষকৈ জুবিন অনুৰাগী সকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
আনহাতে গায়ক গৰাকীয়ে যাতে সকলো ধৰণৰ উন্নত চিকিৎসা লাভ কৰে তাৰ বাবে ডিব্ৰুগড়ৰ উপায়ুক্তক আজি নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো নিৰ্দেশ দিছে যে তেওঁৰ চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰিব লাগে আৰু প্ৰয়োজন হ’লে তেওঁক গুৱাহাটীলৈ স্থানান্তৰিত কৰিব লাগে বা এয়াৰ এম্বুলেন্সৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লাগে।মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তক জুবিন গাৰ্গৰ চিকিৎসাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল।
উল্লেখনীয় যে গায়কজনে মূৰত আঘাত পোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ ডিব্ৰুগড়ৰ মনোহৰী ৰিজৰ্টত আছিল বুলি জানিব পৰা গৈছে ৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চিকিৎসকৰ দ্বাৰা চিটি স্কেন কৰা হৈছে ৷ অৱশ্যে বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকসকলে