VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চহা অসমীয়াৰ আঘোনৰ পৰম্পৰাগত কেইটামান উৎসৱ

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 20, 2021
in সংস্কৃতি
চহা অসমীয়াৰ আঘোনৰ  পৰম্পৰাগত কেইটামান উৎসৱ
0
SHARES
302
VIEWS
Share on FacebookShare on Twitter

প্ৰাকৃতিক সৌন্দৰ্য , বিনন্দিয়া সংস্কৃতি আৰু চহকী পৰম্পৰাৰে অসমে এক সুকীয়া আসন লাভ কৰি আহিছে। বিভিন্ন জাতি- উপজাতিৰ সংস্কৃতিৰে গঠিত অসমীয়া সমাজ । অসম কৃষি প্ৰধান ৰাজ্য। কৃষিয়েই হল অসমীয়া সমাজৰ প্ৰধান জীৱিকা। ধানেই হল প্ৰধান শস্য।

আঘোনৰ বতৰত  “নখোৱা” উৎসৱ :-

আঘোন মাহত কৃষক সকলে খেতি চপাই ঘৰলৈ আনে। আঘোনত “ন খোৱা ” এক পৰম্পৰাগত উৎসৱ। ৰ’দে-বৰষুণে  অশেষ কষ্ট কৰাৰ পাছত আঘোনত কষ্টৰ ফচলে যেতিয়া ভড়ালত স্থান পায় , খেতিয়কৰ মন আনন্দত নাচি উঠে । সপোনে যেন দিঠকত পূৰ্ণতা পায়। ভাল দিন এটা চাই , নতুন ধানৰ চাউলেৰে ভগৱানৰ আশীষ বিচাৰি নৈবেদ্য আগবঢ়াই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়। অতীজৰে পৰা চলি অহা পৰম্পৰা মতে , আনন্দ -ফুৰ্তি-তামাচা কৰি সকলোৱে  নতুন চাউলেৰে  নিজৰ সাধ্য অনুসৰি ভাত এসাজ খায়। কিছুমান অঞ্চলত গাৱঁৰ সকলো মানুহ একেলগ হৈ আনন্দ-ধেমালিৰে “নখোৱা ” উৎসৱ পালন কৰে। অতীজৰে পৰা অসমত আঘোনত “ন-খোৱা”  পৰম্পৰা চলি আহিছে ।

আঘোনত খেতি চপোৱাৰ পাছত যেন খেতিয়কে কৰ্মজীৱনত কিছু সময়ৰ বাবে সকাহ পায়। ধান- চাউলেৰে টনকিয়াল হৈ থাকে বাবে মনবোৰো আনন্দময় হৈ থাকে ।এই আঘোন মাহতে স্থান ভেদে কিছুমান উৎসৱ পালন কৰা দেখা যায়।

মহ’হো বা মহউ-হউ:—

নামনি অসমৰ বহু ঠাইত আঘোন মাহৰ পূৰ্ণিমাৰ দিনা গাৱঁৰ চেমনীয়া সকলে জাক – পাতি ঘৰে ঘৰে ম’হ খেদা গীত গায়।গীত গোৱা  সময়ত বাঁহৰ এচাৰি বা টাঙোনেৰে  মাটিত খুন্দিয়াই  ছন্দোবদ্ধ শব্দ তোলে। এই উৎসৱৰ জৰিয়তে অতীজত বনৰীয়া ম’হ খেদা হৈছিল বুলি জানিব পৰা যায়।

               ‘অ হ’ৰি ম’হহো

              মহ খেদবা টাকোন ল’

             মহে বোলে মল্লুৰে

             টেপন পুৰা খালোং ৰে

             টেপনত নহল ল’ন

             চাউল কাৰে দন দন।

            চাউল নিদি দিলাক কড়ি

            এন্তোৰ ঘৰ লৰি চৰি

             লৰি   চৰি   যাওঁতে

            সোণাৰ নাঙাল বাওঁতে

           সোণাৰ নাঙাল ৰূপৰ পাল

             ৰজাৰ বেটায় বায় হাল

              হাল  নিলো  হিৰালে

               মৈ  দিলো  পাতে

            ম’হৰ  মাকক পাৰ কৰিলো

              বুঢ়া দিয়াৰ ঘাটে।

           থুপৰি  হ’ৰে থুপৰি হো

          কাণা – কুঁজা একপাল হো

          কাণা – কুঁজা ধোনা খোৱা

         ওজা মাতিলো বৰেৰ পুৱা

         ওজা মাতি পালো লাজ

         তিনি বামুণৰ তিনি কাজ।”

চেমনীয়া সকলে এচাৰিৰে মাটি খুন্দি খুন্দি  গীত গায় আৰু গৃহস্থই তামোল-পাণৰ শৰাইত মাননি আগবঢ়ায়। এনেদৰে গীত গাই গৃহস্থৰ পৰা পোৱা মাননিৰে পাছত ভোজ-ভাত খায়। বৰপেটা অঞ্চলত এই উৎসৱৰ এতিয়াও অস্তিত্ব আছে।

শিৱ-শিৱ মাগা বা অৰি মাগা গীত:—

গোৱালপাৰা জিলাত প্ৰচলিত এবিধ লোকগীত। আঘোন মাহৰ পূৰ্ণিমা তিথিত  ডেকা-ল’ৰা বিলাকে দল বান্ধি মানুহৰ  ঘৰে ঘৰে  অৰি মাগি ধান বিচাৰি ঘূৰি ফুৰে।দলৰে এজনক ভালুক সজাই বাকীবোৰে ‘অৰিমগা ‘ গীত গায়৷

             ”  অৰি অৰি ভাই

              খড়ি আনিবা দীঘল চাই

                 যিও খড়ি একা বেকা

              তাতে পৰিল মাছেলেকা

              মাছেলেকা হিদিও দিউ

             এক্কে টিপে ওলাম জিউ

             জিউৰে খেলা, নকৰিবি হেলা

             হেলা কৰিলে বেলা হয়

            ছাওৱা চোটৰ খেলা নহয়

                      শিব শিব।”

           ”   আজিহে আইচুঙ ভাই

                 তোমাৰ চোতালত

             চিনি না নিচিনি গোৱালপাৰীয়া লোক।

              ধান দে কুৰি  , চাউল দে বুঢ়ি

                ধান নিদিলে চোতাল খুন্দ

                   চোতাল খুন্দা যায়ৰে

                    আমাৰ দোষ নাইৰে।

                           শিৱ শিব।”

অৰি মাগা ধান বিক্ৰী কৰি পোৱা টকাৰে  সকলোৱে মিলি একেলগ হৈ  আনন্দ- ফুৰ্তিৰে ভোজ ভাত খায়।গোৱালপাৰা অঞ্চলত ” অৰিমাগা” পৰম্পৰা এতিয়াও প্ৰচলিত।

কালি সাধন :–

গৌৰীপুৰ অঞ্চলত আঘোন মাহত হোৱা “কালি সাধোনত ” , কেইজনমান ল’ৰা -ছোৱালীয়ে ঘৰে ঘৰে ‘কালি’ সাধক হৈ ঘুৰি ফুৰে। আগদিনাৰ পৰা উপবাশে থাকি এজনক ‘কালি’ ঠাকুৰাণী  আৰু এজনক ভালুক সজাই  ঢাক বজাই প্ৰতি ঘৰে ঘৰে মাগি ফুৰে । কামৰূপৰ ম’হহো গীত বা গোৱালপাৰাৰ ‘অৰিমাগা ‘গীতৰ লগত ‘ কালি সাধনৰ ‘ সাদৃশ্য দেখিবলৈ পোৱা যায়।

সাংস্কৃতিক ক্ষেত্ৰত অসম বিভিন্ন উপাদানেৰে চহকী।অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰে আছে নিজা নিজা বৈশিষ্ট ৷ আমাৰ এই সুন্দৰ সংস্কৃতিৰ সুন্দৰ পৰম্পৰাবোৰ  নতুন প্ৰজন্মলৈ আগবঢ়াই দিয়াটো  প্ৰতিগৰাকী অসমীয়াৰেই দায়িত্ব ও কৰ্তব্য  ।

Previous Post

দালাই লামাৰে বৈঠকত বহিল আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
আজি ‘ আলি আয়ে লৃগাং “
মুখ্য সংবাদ

আজি ‘ আলি আয়ে লৃগাং “

February 14, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7