বিশিষ্ট নাট্যকৰ্মী, অভিনেতা তথা পৰিচালক বাহাৰুল ইছলামৰ পৰিচালিত ছবি “দ্য ছেভেন্থ ষ্ট্ৰিং” দুখনকৈ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত হৈছে। আগষ্ট মাহত আমেৰিকাৰ ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ ছিনছিনাটী’ আৰু ‘ফ্ৰান্স ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ৰ প্ৰতিযোগিতা শাখালৈ এই ছবিখন নিৰ্বাচিত হৈছে।
বাহাৰুল ইছলামৰ চিত্ৰনাট্যৰে ছবিখনৰ কাহিনী আৰু সংলাপ বৰ্ষা বাহাৰৰ। ইয়াত অভিনয় কৰিছে কুনাল শৰ্মা, জিলমিল হাজৰিকা, আচফাক খান, দিনেশ কাকতি, সিদ্ধাৰ্থ মুখাৰ্জী, নেইন ইবটিচাম, ভাগিৰথী, পূৰ্ণিমা শইকীয়া, জিত বৰুৱা, ৰাহুল গৌতম শৰ্মা, বৰ্ষা বাহাৰ, ৰাজীৱ ক্ৰ, বিনোদ লাল দাস, দেৱজিৎ বৰঠাকুৰ, প্ৰশান্ত কলিতা, পাৰ্থ বৰদলৈ, ৰাজীৱ মেধি, মেঘালী কলিতা, জিঞা বাহাৰ, ৰাজকুমাৰ শ্বাহ, ৰ’জী বৰা, পাৰ্থ পুৰকায়স্থকে ধৰি অভিনেতাসকলে।
ছবিখন প্ৰযোজনা কৰিছে ‘দি ফ্লায়িং ছিগাল প্ৰডাকচনে’। পাপু ডেকাৰ দৃশ্যগহণ আৰু সহযোগী জুমিৰ সৈতে সম্পাদনা কাজু মজিদৰ। সহকাৰী পৰিচালক বিৰিঞ্চি কুমাৰ গগৈ। কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদ আৰু দিৱস জ্যোতি বৰুৱাৰ। শব্দ আৰু ডাবিং বিজয় নাথ আৰু শব্দ সংমিশ্ৰণ জ্যোতি চেতিয়াৰ। ছবিখনৰ ডি আই সুজিত বৰাৰ।
লকডাউনৰ আগে আগে অসম আৰু মুম্বাইৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ সংগীত পৰিচালনাও বাহাৰুল ইছলামৰ।
উল্লেখনীয় যে ছবিখনৰ কাহিনীৰ বাবে বৰ্ষা বাহাৰে “ৰোশনী ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল”ত পুৰস্কাৰ লাভ কৰিছে। কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত এগৰাকী যুৱতীৰ জীৱনত ঘটা কিছুমান অভাৱনীয় ঘটনাৰ প্ৰভাৱ আৰু ইয়াৰ পৰা ভৱিষ্যত জীৱনত সৃষ্টি হোৱা সমস্যাৰ লগতে সেইবোৰৰ পৰা পৰিত্ৰাণৰ সন্ধান, এনে কিছু বিষয়ৰ মনস্তাত্বিক বিশ্লেষণেৰে ছবিখনে গতি লৈছে।
‘দ্য ছেভেন্থ ষ্ট্ৰিং’ ছবিখনে ডিআৰইউকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ শ্ৰেণীৰ বঁটা লাভ কৰাৰ লগতে সন্মানীয় “গোল্ডেন ড্ৰেগন বঁটা ২০২১”ৰ বাবে মনোনয়ন লাভ কৰিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে ই এটি ভাল খবৰ।