ঐতিহ্য পৰম্পৰাৰ ফালৰ পৰা ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন চহকী দেশ ৷ যি খন দেশৰ ইতিহাসে বিশ্বৰ অন্যান্য দেশৰ লোকসকলকো আকৰ্ষিত কৰি আহিছে ৷ ভাৰতৰ বৈষ্ণো দেৱী মন্দিৰ হ’ল তেনে এক স্থান যাৰ আছে এক অনন্য ইতিহাস ৷
পৃথিৱীৰ ভূ-স্বৰ্গ ৰূপে পৰিচিত জম্মু আৰু কাশ্মীৰত অৱস্থিত এই বৈষ্ণো দেৱী মন্দিৰ । তিৰকুটা পৰ্বতৰ ওচৰত থকাৰ বাবে এই মন্দিৰ ‘ত্ৰিকুটা’ নামেৰেও জনাজাত ৷ আনহাতে ভক্তসকলে এই মন্দিৰক মাতা ৰাণী আৰু বৈষ্ণৱী মন্দিৰ বুলিও জানে।কাশ্মীৰৰ পৰ্বতত অৱস্থিত এই মন্দিৰলৈ প্ৰতি বছৰে ১০ মিলিয়নতকৈও অধিক লোকৰ আগমন ঘটে । কোৱা হয় যে এই পাহাৰীয়া অঞ্চলটোত ৩৩ শ্ৰেণীৰ দেৱ-দেৱী আছে। আনহাতে এইটোও বিশ্বাস কৰা হয় যে পূজা আৰু আৰতিৰ সময়ত গুহাৰ চাৰিওফালে এই দেৱতাসকল উপস্থিত থাকে।
মহাকাব্য মহাভাৰতত কোৱা হৈছে যে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগতে অৰ্জুনে শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি দেৱীৰ ধ্যান কৰিছিল আৰু বিজয়ৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰিছিল। অৱশেষত, পাণ্ডৱসকল সেই যুদ্ধত জয়ী হৈছিল আৰু এই কথা বিশ্বাস কৰিছিল যে এই সকলোবোৰ দেৱীৰ আশীৰ্বাদ। সেয়েহে তেওঁলোকে ত্ৰিকুট পৰ্বতৰ ওচৰত এটা মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় ।
আনহাতে কথিত আছে ইয়াৰ গুহাৰ ভিতৰত আছে ভৈৰো নাথৰ শ ৷ ভৈৰো নাথে মা বৈষ্ণো দেৱীক বিচাৰি এই গুহাটোত উপস্থিত হৈছিল আৰু বৈষ্ণৱীয়ে এই বিষয়ে জানিব পাৰি তেওঁ ক্ৰোধত গুহাৰ পৰা ওলাই আহিছিল ভৈৰোনাথক হত্যা কৰিছিল । যাৰ ফলত ভৈৰোনাথৰ মূৰটো ১.৫ কিলোমিটাৰ দূৰত চিটিকি পৰিছিল ৷ বিশ্বাস কৰা হয় যে ভৈৰোনাথৰ মৃতদেহ এই গুহাত সমাধিস্থ কৰা হৈছে।
আনহাতে দেৱী বৈষ্ণোদেৱীৰ শিলামূৰ্তি সন্দৰ্ভত এই কথাৰ প্ৰচলন আছে যে নিজৰ ধ্যান ভংগ নহ’বৰ বাবে দেৱী বৈষ্ণোদেৱীয়ে নিজকে শিললৈ ৰূপান্তৰিত কৰিছিল যাৰ বাবে তীৰ্থযাত্ৰীসকলে ইয়াত শিলৰ ৰূপত দেৱীক উপাসনা কৰে।
আন এক আমোদজনক কাহিনী হ’ল যে ত্ৰিকুতাই ভগৱান ৰামক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিছিল ৷ কিন্তু ৰামে ত্ৰিকুটাৰ সেই ইচ্ছাক অস্বীকাৰ কৰিছিল আৰু তেওঁক কৈছিল যে সমগ্ৰ বিশ্বই ত্ৰিকূটাক মাতা বৈষ্ণো দেৱী বুলি জানিব আৰু তেওঁৰ প্ৰশংসা কৰিব ।
ইয়াৰ পিছৰ পৰাই এই ত্ৰিকূটা ‘বৈষ্ণোদেৱী’ নামেৰে জনাজাত হয় যাক দৰ্শন কৰিবলৈ প্ৰতি বছৰে লক্ষ লক্ষ ভক্তৰে ভৰিপৰে তিৰকুটা পৰ্বতৰ বুকু ৷ ।