অসমৰ বৰপেটাৰ এক আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ‘একাডেমী অৱ খোল বাদ্য’( ACADEMY OF KHOL VADYA)৷ যি বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি নৱ প্ৰজন্মক বাট দেখুৱাবলৈ চেষ্টা কৰি আহিছে ৷
এইবাৰ বৰপেটাৰ এই সাংস্কৃতিক অনুষ্ঠানটিয়ে লৈছে এক অনন্য পদক্ষেপ ৷‘একাডেমী অৱ খোল বাদ্য’ৰ উদ্যোগত এইবাৰ বৰপেটাত অনুষ্ঠিত কৰা হৈছে এক গৌৰৱোজ্জল সঙ্গীত সমাৰোহ ,‘বৰপেটা সঙ্গীত সমাৰোহ ২০২২ ‘ ।
উৎসৱ নিৰ্দেশক, অসম গৌৰৱ, প্ৰসিদ্ধ যুৱ খোল বাদক তথা সঙ্গীত নাটক অকাডেমীৰ যুৱশিল্পী বঁটা প্ৰাপক মনোজ কুমাৰ দাসৰ নেতৃত্বত বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত হ’ব এই সঙ্গীত সমাৰোহ ৷ ২২ অক্টোবৰ তাৰিখে পুৱা ৯বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া এই সমাৰোহত পতাকা উত্তোলন কৰিব সমাৰোহ উদযাপন সমিতিৰ সভাপতি অক্ষয় কুমাৰ মিশ্ৰই ৷ আনহাতে সমাৰোহ স্থলীৰ দ্বাৰ উন্মোচন কৰিব বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত খনীন্দ্ৰ নাথে আৰু এক বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব বিজনীৰ এম.চি.এল.এ. প্ৰদীপ বায়নে ৷ ২২তাৰিখে বিয়লি ৪বজাত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰিব বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ৷ লগতে ৫বজাত সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও বিধায়ক ,উচ্চ পদস্থ বিষয়াকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট শিল্পী ৷
২৩ অক্টোবৰ তাৰিখে পুৱা নিম্ন শাখাৰ খোলবাদন প্ৰতিযোগিতা উদ্বোধন কৰিব বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু উচ্চ শাখাৰ প্ৰতিযোগিতা উদ্বোধন কৰিব বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী কিশোৰ কুমাৰ দাসে ৷ আনহাতে সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহত বন্তি প্ৰজ্বলন কৰিব সুন্দৰীদিয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ৷ আনহাতে মঞ্চ উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷ ২৩ তাৰিখৰ অনুষ্ঠানতো উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰণোজ পেগুকে আদি কৰি অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইজন বিশিষ্ট ব্যক্তি ৷
উল্লেখনীয় যে উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেত সকলৰ কলা-কৃষ্টি, নৃত্য, বাদ্য, সঙ্গীত পৰিবেশন কৰিব বিশ্ব বিখ্যাত বাঁহী বাদক মুম্বাইৰ পণ্ডিত ৰণু মজুমদাৰ, প্ৰখ্যাত যুৱ তবলা বাদক মুম্বাইৰ অনুব্ৰত চেতাৰ্জী, সঙ্গীত নাটক অকাডেমী বঁটা প্ৰাপক অসম গৌৰৱ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী অনিতা শৰ্মা, প্ৰখ্যাত যুৱ তবলা বাদক কলিকতাৰ ৰূপক ভট্টাচাৰ্য্য, বিশিষ্ট কথক নৃত্যশিল্পী নতুন দিল্লীৰ ৰূপাৰানী দাস বৰা, সত্ৰীয়া যুৱ নৃত্য শিল্পী গুৱাহাটীৰ কৃষ্ণাক্ষী কাশ্যপ আদি বহকেইগৰাকী স্বনাম ধন্য শিল্পীয়ে ।