১৬৭৮ শকত মহাৰাজ ৺ৰাজেশ্বৰ সিংহ গুৱাহাটীলৈ আহি কেইবা দিনো থাকি পহু-মাছ মাৰি আনন্দ উপভোগ কৰিছিল। সেই সময়ত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সকলো বিলাক তীৰ্থস্থানলৈ গৈছিল।শিলালিপিৰ পৰা জানিব পাৰি যে ৰজা ৰাজেশ্বৰ সিংহই ভগ্নপ্ৰায় বশিষ্ঠাশ্ৰম মন্দিৰ দৰ্শন কৰাৰ পাছত ১৬৮৬ শকত ৰজাৰ নিৰ্দেশ মৰ্মে বৰফুকনে মন্দিৰটো সুন্দৰকৈ নিৰ্মান কৰায়।
বশিষ্ঠ মুনিয়ে কামৰূপলৈ আহোঁতে প্ৰথমতে তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গ’ল। সেইসময়ৰ কামৰূপৰ অধিপতি নৰকে নীলকূট পৰ্বতত থকা দেৱী কামাখ্যাক দৰ্শন কৰিবলৈ অনুমতি নিদিলে। বশিষ্ঠ মুনি অত্যন্ত কুপিত হৈ বাৰে বাৰে দেৱী দৰ্শন কৰিবলৈ বিচৰাত নৰকে বেয়া ব্যৱহাৰ কৰাত মুনিয়ে অভিশাপ দি প্ৰতিজ্ঞাবদ্ধ হয় যে-” নৰকৰ মৃত্যুৰ পাছত হ’লেও মই মা-কামাখ্যাৰ পূজা কৰিহে নিজ স্থানলৈ যাম । লগতে নৰক যিমান দিনলৈ জীয়াই থাকিব সিমান দিনলৈ মা কামাখ্যাও পৰিবাৰসহ অন্তৰ্ধান হৈ থাকিব।” নৰকক এইদৰে অভিশাপ দি বশিষ্ঠই সন্ধ্যাচললৈ গৈ আশ্ৰম পাতি ভগৱান বিষ্ণুৰ তপস্যা কৰাত লাগিল।বশিষ্ঠৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ বিষ্ণুৱে দৰ্শন দি বৰ প্ৰদান কৰিলে। মহৰ্ষিৰ তপস্যাৰ প্ৰভাৱত সন্ধ্যা, ললিতা আৰু কান্তা ত্ৰিধাৰাৰে গঙ্গা প্ৰবাহিত হ’বলৈ ধৰিলে। ভগীৰথ মুনিয়ে যেনেকৈ মৰ্তলৈ পৱিত্ৰ গঙ্গা নদী নমাই আনিছিল তেনেকৈ বশিষ্ঠয়ো তপোবলৰ দ্বাৰা ত্ৰিধাৰা আহ্বান কৰি আনিছিল।পাছত সন্ধ্যাচলত দেৱলোকৰ পূজনীয় ‘মহাকুণ্ড’ আৰু নিজৰ স্নানৰ বাবেও এটা ‘কুণ্ড’ নিৰ্মাণ কৰিছিল। এই মহাকুণ্ডত স্নান কৰিয়েই তেওঁ নতুন শৰীৰ লাভ কৰিছিল।সেয়েহে এই আশ্ৰমৰ মাজেদি প্ৰবাহিত জলৰাশি গঙ্গাৰ নিচিনাই পৱিত্ৰ আৰু ইয়াক “বশিষ্ঠ গঙ্গা” নামে জনা যায়।
বশিষ্ঠই আহ্বান কৰি অনা বশিষ্ঠ গঙ্গা সম্পৰ্কে কালিকা পুৰাণত সুন্দৰ ভাবে পোৱা যায়। ব্ৰহ্মাৰ মানস কন্যা সন্ধ্যাই ললিতা -কান্তা ৰূপে তিনি ভাগত বিভক্ত হৈ ইয়াত প্ৰবাহিত হৈ আছে। ব্ৰহ্মাৰ মানস কন্যা সন্ধাই মুনিৰ যজ্ঞীয় অগ্নিত প্ৰবেশ কৰাৰ পাছত তেওঁৰ বিশুদ্ধ শৰীৰটো সূৰ্য দেৱতাই ‘পিতৃলোক’ , আৰু ‘দেৱলোক’ ৰ আনন্দৰ বাবে দুভাগ কৰিছিল। শৰীৰৰ উৰ্ধভাগৰ পৰা “প্ৰাতঃকাল” , মাজভাগৰ পৰা “প্ৰাতঃসন্ধ্যা” আৰু শৰীৰৰ শেষ ভাগৰ পৰা “সায়ং-সন্ধ্যা” সৃষ্টি হয়। প্ৰাতঃসন্ধ্যাই দেৱলোকৰ আৰু সায়ং সন্ধ্যাই পিতৃলোকক আনন্দ প্ৰদান কৰি থাকে।সন্ধ্যাৰ পূৱফালে ললিতা জলধাৰা আৰু পশ্চিম ফালে কান্তা জলধাৰাই সুললিত , মংগলময়ী , ভক্তিৰস সৃষ্টিকাৰী ধ্বনিৰে চিৰপ্ৰৱাহিত হৈ আছে। এই ত্ৰিধাৰাই পুনৰ এক সংগমত লগ হৈ “বশিষ্ঠ কুণ্ড” নামে জনাজাত হৈছে। বশিষ্ঠ মুনিয়ে এই কুণ্ডত গা ধুই পূজা-পাতল ,যোগ-সাধনা কৰিছিল। জনবিশ্বাস আছে যে ,বশিষ্ঠ কুণ্ডত স্নান কৰিলে মানুহ স্বৰ্গগামী হয়।
গুৱাহাটী মহানগৰীৰ দক্ষিণ দিশত অৱস্থিত এই পুণ্য ধাম হিন্দু ধৰ্মাৱলম্বী লোকৰ এক অন্যতম মন্দিৰ য’ত আজিও বিবাহ ,উপনয়নকে আদি বিভিন্ন ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰা হয় আৰু প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে ৷ আনহাতে বহু পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বশিষ্ঠাশ্ৰম ৷