বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে।
বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। তেওঁলোকে শিৱক জীৱৰ স্ৰষ্টা বুলি বিশ্বাস কৰে। বড়ো সকলে ‘সিজু’ গছক পূজা কৰে। এই গছে শিৱক প্ৰতিনিধিত্ব কৰে বুলি তেওঁলোকে বিশ্বাস কৰে।
খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি (বাথৌ মহাৰজা আৰু আই কামাখ্যা )
মূল বেদীৰ সিজু গছৰ তলতে এখন কলৰ পাত পাৰি , তাৰ ওপৰত তামোল-পাণ এযোৰা , এ আখি কল , ধূপ-ধূনা আৰু শলিতা জ্বলাই দিয়া হয়। তাতেই খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি বাথৌ মহাৰাজক আসন দিয়া হয়।মূল বেদীটোৰ পৰা বাওঁফালে আগবঢ়াই লৈ যোৱা আলিটোৰ ওপৰত সৰু সৰুকৈ কলপাত পাৰি তাৰ ওপৰত তামোল-পাণ দি , ধূপ-ধূনা জ্বলাই খেৰায়ৰ অন্যান্য দেৱ-দেৱীৰ আসন দিয়া হয়।
বাথৌ মহাৰাজক পুজিবলৈ এটা গাহৰি বলি দিয়া হয়।বলিৰ তেজ বাথৌ মহাৰজাৰ হৈ দেওধনিয়ে পি খায়। বলিৰ মূৰ আৰু সামান্য তেজ দেৱতাৰ আসনৰ পাতত থৈ বাথৌ মহাৰাজক আগবঢ়াই দিয়া হয়। বলিৰ ঠেং আৰু গাৰ পৰা কিছু অংশ মঙহ কাটি লৈ তাক আঞ্জা ৰান্ধি সেই আঞ্জা বাথৌ মহাৰাজক আগবঢ়াই দিয়ে।দেৱ-দেৱীলৈ আগবঢ়াব খোজা যি কোনো আঞ্জাত লোণ-তেল , হালধি , মছলা , জলকীয়া দিয়াৰ নিয়ম নাই।
আয়লেং
বাথৌ মহাৰাজৰ চন্তৰী (গা ৰক্ষী)। এই দেৱতাক পূজা কৰিবলৈ কুকুৰা চৰাই বলি দিয়া হয়। দেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰদৰ্শন কৰা নৃত্যক বড়ো কছাৰী সকলে ‘খফ্ৰি ছিপনায়’ বা জাপি ঘূৰোৱা নৃত্য বুলি কোৱা হয়।শত্ৰুৰ আক্ৰমণৰ পৰা বীৰ সকলে নিজকে কেনেকৈ ৰক্ষা কৰিব লাগে তাৰে কৌশল আয়লেং দেৱতাৰ পূজাত ফুটি উঠিছে।
আগ্ৰাং
বাথৌ মহাৰাজৰ সেনাপতি। এই দেৱতাক পঠা ছাগলী বলি দি তাৰ তেজ আৰু মূৰ আগবঢ়াই দিয়া হয়।
খৌইলা
বাথৌ মহাৰাজৰ দূত।কুকুৰা চৰাই বলি দি তাৰ মূৰ আৰু তেজ দেৱতাক আগবঢ়াই দিয়া হয়।
কাজি –
বাথৌ মহাৰাজৰ মন্ত্ৰী। পঠা ছাগলী বলি দি বলিৰ মূৰ আৰু তেজ দেৱতাক আগবঢ়াই দিয়া হয়।
আব্লা খুংগুৰ
বাথৌ মহাৰাজৰ আন এটা মায়াৰ নাম। মহাপৰাক্ৰমী দেৱতা। একলহ মদ আৰু গাহৰি বলি দি তাৰ মূৰ আৰু তেজ আগবঢ়াই দিয়া হয়।
ৰাজফুথুৰ
বাথৌ মহাৰাজৰ পুতেক।
ৰাজখান্দ্ৰা
বাথৌ মহাৰাজৰ নাতিয়েক দুয়োটা দেৱতাকে একেটা মানত পূজা কৰা হয়। গাহৰি এটা বলি দি তাৰ তেজ মূৰ দুয়োটা দেৱতাক আগবঢ়াই দিয়া হয়।
ছংৰজা বা ছংৰাজী
উভয়ে স্বামী-স্ত্ৰী। বড়ো- কছাৰীৰ মানত তেওঁলোকে মহাপৰাক্ৰমী দেৱ-দেৱী আৰু মহামায়া।