নগাঁৱৰ মাজমজিয়াতে অৱস্থিত ‘নটসৈনিক নাট্যবিদ্যালয়’ যি বৰ্তমান সময়ত নগাঁৱৰ এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৷ এই আগশাৰীৰ শিক্ষানুষ্ঠানখনৰ উদ্যোগত যোৱা ২২ অক্টোবৰত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘নটসৈনিক’ৰ তৃতীয় চাম প্ৰশিক্ষাৰ্থীয়ে মঞ্চস্থ কৰিলে” ভোল-ভুলাইয়া “নামৰ এখন নাট । নাটকখনৰ ৰচনা আৰু পৰিচালনা নাট্যকাৰ তথা পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ ।
নাট্যকাৰ,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাই ২২ অক্টোবৰত মঞ্চস্থ হোৱা নাটখনৰ কেইখনমান আকৰ্ষণীয় ফট’ আৰু নটসৈনিকৰ বিষয়ে সবিশেষ উল্লেখ কৰি জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকযোগে কয় যে নগাঁও চহৰৰ মাজমজিয়াৰ একমাত্ৰ নাট্যবিদ্যালয় নটসৈনিকে নাট্যপ্ৰেমীসকলক তথা নতুন প্ৰজন্মক নাটকৰ প্ৰাথমিক শিক্ষা দিবলৈ অকণো কৃপনালী কৰা নাই ৷ লগতে আজি তিনিবছৰ ধৰি এই নাট্যানুষ্ঠানখনে নতুন চামক নাটকৰ প্ৰতি আগ্ৰহী কৰিবলৈকো নিৰন্তৰ চেষ্টা চলাই আহিছে আৰু বহুদূৰ সফল হৈছে । বিশেষকৈ নাট্যকাৰ,পৰিচালক ও নিখুঁত সংগঠক দীপক বৰাৰ নিৰ্ভেজাল পৰিশ্ৰম আৰু চিন্তাৰ বাবেই ই সম্ভৱ হৈ উঠিছে বুলি একেমুখে ক’ব পাৰি । লগতে জনপ্ৰিয় অভিনয় শিল্পী হৈয়ো বহু ব্যস্ততাৰ মাজত সম্পাদকৰ দায়িত্ব পালন কৰা সিদ্ধাৰ্থ শৰ্মা আৰু সভাপতিৰ দায়িত্বত থকা ব্যস্ত ধাৰাবাহিক পৰিচালক পৱন মহন্তৰ নাটকৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা থকাৰ বাবেই ‘নটসৈনিকে’ এইখিনি পাবলৈ সক্ষম হৈছে। আনহাতে ৰূপজ্যোতি ভূঞাৰ দায়িত্ব আৰু সোণমনি বেজবৰুৱাৰ দৰে নাট্যকৰ্মীৰ আন্তৰিকতাৰে পুষ্ট এই নাট্যবিদ্যালয়ৰ লগত জড়িত প্ৰতিগৰাকী নাট্যপ্ৰেমীকেই কৃতজ্ঞতা জ্ঞাপন কৰি ভৱিষ্যতেও তেওঁলোকৰ সহায়-সহযোগিতা কামনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাৰ লগতে নটসৈনিকৰ প্ৰতিগৰাকী সদস্যই ।