“নৈ হেঙুলীয়া ব’ঠা হেঙুলীয়া
আৰু হেঙুলীয়া চৈ-এ
চৈৰে তলতে জোনবাই গাইছে
হাততে বিচনী লৈ-এ।
অসমীয়া জনজীৱনত বিচনীৰ অপৰিসীম ভূমিকা আছে। গৰমৰ দিনত আইতাকে চোতালত ঢাৰি পাৰি বিচনীৰে বিচি বিচি নাতি-নাতিনীক বুঢ়ীআইৰ সাধু শুনোৱা নাইবা মাকে শীতল পাটীত চেনেহৰ পোনাকনক টোপনি নিয়াবলৈ বিচনীৰে বিচি দি নিচুকনি গীত গোৱা দৃশ্যই সকলোৰে অন্তৰ চুই যোৱা এক মনোৰম কাহিনী।
বিয়নী মেল বা সমনীয়া ভাই-ভনীৰ আড্ডাত পাল পাতি বিশবাৰ বা ত্ৰিশবাৰ হিচাপত বিচি সময় কটোৱা সামগ্ৰীবিধ এই বিচনীয়ে আছিল। একোখন পৰিয়ালত সাদৰী জীয়ৰী বা বোৱাৰীয়ে বিচনীৰে বিচি আলহীৰ মন-প্ৰাণ হৰি নিবলৈ সক্ষম হৈছিল। কিন্তু এই ক্ষেত্ৰত বহুত সাৱধান হ’ব লগা হৈছিল কিয়নো বিচনীৰে বিচোঁতে বিচনী গাত লাগিলে আয়ুস টুটে বুলি লোকবিশ্বাস জড়িত হৈ আছে।
চৌষষ্ঠি কলাৰ ভিতৰত নথকা এইটো কলাৰে প্ৰেমিকাই প্ৰেমিকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । হাতৰ ওচৰতে পোৱা যিকোনো সমলেৰে হওঁক বা চাদৰৰ আঁচলেৰে হওঁক এচাটি বতাহ উৎপন্ন কৰি প্ৰেমাস্পদৰ শৰীৰৰ লগতে মন জুৰ পেলোৱাৰ উদাহৰণ প্ৰাচীন সাহিত্য আৰু লোক জীৱনত পোৱা যায়। গোৱালপৰীয়া লোকগীতত ইয়াৰ সুন্দৰ ছৱি প্ৰতিফলিত হৈছে-
” মোৰ নাউদানীতা থাকিল হয়
বগলতে বসিল হয়;
বিচন দিয়া বিচাইল হয়
কেৰেৎ কি কুৰুৎ কৰিয়া।”
বিচনীবোৰ সাধাৰণতে দেহ জুৰ পেলাবলৈকে সৃষ্টি কৰা হৈছে যদিও ইয়াত লোক শিল্পীৰ অনুপম শৈল্পিক নৈপুণ্যও ফুটি উঠিছে। প্ৰাচীন কালত মিত্ৰ ৰজাক উপঢৌকন দিয়া সামগ্ৰীৰ ভিতৰত অসমৰ হাতী দাঁতৰ বিচনীয়ে বিশেষ মৰ্যদা পাইছিল। বাঁহ-বেতৰ দৈ বোলাই বা উকাকৈ কেতিয়াবা ঢাৰি চানেকীয়া কেতিয়াবা ডলা চানেকীয়া কৈ বৈ উলিয়ায়। কিছুমান বিচনী আকৌ দেখিবলৈ ময়ুৰৰ পেখমৰ নিচিনা আৰু এইবোৰ ভাঁজ কৰি ৰাখিবও পাৰি। তাল পাতৰ বিচনীৰ উপৰিও তামোলৰ ঢকুৱা , ডাঠ বকলা , প্লাষ্টিক , ধূপৰ পেকেট আদি পেলোনীয়া সামগ্ৰীৰেও একোখন মনোমহা বিচনী তৈয়াৰ কৰি ল’ব পাৰি। ফ্ৰেমত ফটাকানি মেৰিয়াই দহি-সুতাৰে একোখন ফুলাম বিচনী বৈ উলিয়াব পাৰি। মুঠতে বাঁহ-বেতেৰে প্ৰস্তুত কৰা বিচনীয়ে হওঁক বা কাপোৰ -সুতাৰে বৈ উলিওৱা বিচনীয়ে হওঁক এসময়ত এই বিচনীবোৰৰ বহুত প্ৰয়োজন আছিল আৰু সকলোৰে হাতে হাতে বিচনীবোৰে শোভাবৰ্ধন কৰিছিল।
গাৰ্হস্থ্য জীৱনৰ দৰে ধৰ্মীয় দিশতো বিচনীয়ে বিশেষ মৰ্যদা লাভ কৰা দেখা যায়। অসমীয়া আইসবাহ বা অপেচৰী সবাহত সোণ বা ৰূপৰ বিচনীৰ উল্লেখ দেখিবলৈ পোৱা যায়-
” বৰ আই বহিব মুঠাৰ কঠে পাৰি
তাৱ কাপোৰৰ তুলী ।
সোণৰ বিচনীৰে বিচিব লাগিছে
আইৰ নুমলীয়া ভনী।।”
অসমীয়া সমাজত ৰঙালী বিহুত গৰুবিহুৰ দিনাখন যাগ দিওঁতে নতুন বিচনীৰে প্ৰথমতে গৰুক বিচে আৰু তাৰ পাছৰ পৰাহে বছৰটোৰ বাবে বিচনীৰ ব্যৱহাৰ কৰা হয়। কোনো কোনো ঠাইত সেইখন বিচনীৰে পৰিয়াল টোৰ ডাঙৰৰ পৰা সৰুলৈ গৃহিনীয়ে বিচি দিয়াতো এটা নিয়ম কিয়নো বিহুৰ দিনা এনে কৰিলে গাৰ বিষ-বেদনা নোহোৱা হয় বুলি এক প্ৰচলিত বিশ্বাস । গোৱালপাৰা অঞ্চলত গৰু বিহুৰ দিনা গধূলি গোহালী আৰু ঘৰৰ আগত যাগ দিয়া হয় । ঘৰৰ সৰু-ডাঙৰ সকলোৱে প্ৰথমতে গোঁসাইক নতুন বিচনীৰে বিচি প্ৰনাম জনায়। তাৰ পাছত যাগ দিয়া জুইৰ আগত বিচি সেৱা জনাই সৰুৱে ডাঙৰক বিচি প্ৰনাম কৰা এক পৰম্পৰা। ডাঙৰেও সৰু সকলোক আশীৰ্বাদ দিয়ে আৰু সেইদিনৰ পৰা সকলোৱে বিচনীৰ ব্যৱহাৰ কৰিবলৈ ধৰে।
পূজা -পাতলতো বিচনীৰ ব্যৱহাৰ আছে। খেৰাই , মাৰৈ পূজা আদিত দেওধনীয়ে এখন বিচনী লৈ কৰা নৃত্য এই পূজাৰে এক অন্যতম অংগ। সেইদৰে ৰাভা সকলে অপায় -অমঙ্গল বা অধৰ্মৰ দেৱতা ‘হাছি মাৰাং’ দেৱতাৰ পূজাত বিচনীকে দেৱতা জ্ঞান কৰি বেদীত আটাইতকৈ উচ্চ আসন দি প্ৰতিষ্ঠা কৰি পূজা কৰে ।
গোৱালপৰীয়া জনজীৱনত ধানৰ আগ অনা বা লখিমী আদৰা পৰ্বতো বিচনীৰ ব্যৱহাৰ আছে। গৃহস্থই পথাৰৰ পৰা আগ কাটি লৈ ধানমুঠি মূৰত তুলি আনোঁতে পদুলিমুখৰ পৰা গৃহিনীয়ে ধুই থৈ দিয়া বা নতুন বিচনীৰে বৰণ কৰি অনা নিয়ম প্ৰচলিত হৈ আহিছে।
নামনি অসমত বিচনীক কেন্দ্ৰ কৰি প্ৰচলিত শিশু সকলৰ এক জনপ্ৰিয় খেল –
” ইচনী বিচনী ধাৰা কিচনী
মৌ পাৰে চিলা পাৰে
হাকুৰ বেটি চাউল ঝাৰে
খুড়পা দেউ খুৰপা দেউ
বৰ পীৰা খান পাৰি দেও
এলপাত বেল পাত
ৰাজা ঘৰেৰ চিৰি কাট
কাটুঙ কি নাকাটুঙ ঘেচেঙ।”
সময়ৰ পৰিবৰ্তনৰ লগে লগে যেন শিশু সকলৰ খেল-ধেমালিত আমোল পৰিবৰ্তন আহিল । ডিজিটেল মাধ্যমত খেল খেলি আনন্দ উপভোগ কৰা শিশুৱে হয়তো এই খেলবোৰৰ বিষয়ে অজ্ঞাত। আজিৰ দিনতো লগৰীয়াৰ অভাৱ নাথাকিলে প্ৰতিজন শিশুৱে এই খেলবোৰত নিশ্চয় মনোৰঞ্জন বিচাৰি পাব।
সাম্প্ৰতিক কালত জীৱন ধাৰণৰ প্ৰণালী অভূতপূৰ্ব ভাৱে সলনি হৈ গ’ল। বৈদ্যুতিক পাংখা বা শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ আৱিষ্কাৰে মানুহক বহুতখিনি সকাহ দিলে। হাতত বিচনী লৈ বিচি থকাৰ পৰিৱৰ্তে মানুহে আৰামত ফেনৰ তলত বহি বা শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহি কাম কৰিব পৰা হল বা জিৰণি লবলৈ সুবিধা পালে। তথাপিও যেন কোনোবা সময়ত বিচনী খনৰ অনুপষ্ঠিতিয়ে আমাক বৰকৈ আমনি কৰে। বৈদ্যুত্যিক সংযোগ বিচ্ছিন্ন হ’লে আমি যেতিয়া গৰম অনুভৱ কঁৰো হাতখনে যেন খেপিয়াই ফুৰে মৰমৰ বিচনী খনক। আজিৰ দিনতো বিচনী খনক আমি অৱহেলা কৰিব নোৱাঁৰো। ঐতিহ্যৰে ভৰা বিচনী খন আমাৰ সকলোৰে বাবে হৈ থাকক অতি আদৰৰ অতি মৰমৰ।