নীতা চক্ৰৱৰ্তী
বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা প্ৰতি বছৰৰ কন্যা সংক্ৰান্তিত পালন কৰা হয়। এই দিনটোতে বৈদিক দেৱতা বিশ্বকৰ্মাৰ জন্ম হৈছিল বুলি বিশ্বাস প্ৰচলিত। হিন্দু ধৰ্মৰ মানুহে বিশ্বকৰ্মাক পৃথিৱীৰ প্ৰথম খনিকৰ আৰু মহান সৃষ্টিকৰ্তা বুলি স্বীকাৰ কৰে।বিশ্বকৰ্মা স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা।
এই দিনটোত উদ্যোগ, কাৰখানা আৰু সকলো প্ৰকাৰ মেচিনক পূজা কৰা হয়। উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, কৰ্ণাটক, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা, নেপাল আৰু দিল্লীকে ধৰি বহু ৰাজ্যত বিশ্বকৰ্মাৰ মূৰ্তি স্থাপন কৰি আৰাধনা কৰা হয়।
হিন্দুসকলে দোকানত বিশ্বকৰ্মাৰ মূৰ্তি স্থাপন কৰি পূজা-অৰ্চনা কৰে। প্ৰচলিত আছে যে, বিশ্বকৰ্মাই দেৱতা সকলৰ ৰথ, মহল আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিছিল। ইন্দ্ৰৰ মহান অস্ত্ৰ ঋষি দধিচিৰ দ্বাৰা বিশ্ব খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল বুলিও উল্লেখ আছে। স্বৰ্গ সৃষ্টিৰ উপৰিও প্ৰাচীন কালৰ প্ৰায়বোৰ ৰাজধানী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। সত্য যুগত ৰজা ৰাৱনৰ স্বৰ্ণলংকা, ত্ৰেতা যুগত শ্ৰী কৃষ্ণৰ দ্বাৰকা নগৰী আৰু দ্বাপৰ যুগত কুৰু বংশৰ হস্তিনাপুৰ আৰু পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ নগৰী নিৰ্মাণ কৰিছিল বুলি বিশ্বাস আছে।
কামৰূপৰ কামাখ্যা ধামৰ ওচৰত অৱস্থিত ভগৱান বিশ্বকৰ্মাৰ মন্দিৰটো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ। এই মন্দিৰটো ১৯৫৯ -১৯৬০ চনৰ মাজত নিৰ্মাণ হৈছিল যদিও ১৯৬৫ চনত হে ইয়াত বিশ্বকৰ্মাৰ মূৰ্তি স্থাপন কৰা হয়।
জানিব পৰা মতে, কামাখ্যা মন্দিৰৰ পথ নিৰ্মাণ কৰাৰ সময়ত এটা অংশ ভাঙি পৰাত স্থানীয় মানুহে ভগৱানৰ মূৰ্তি স্থাপন কৰাৰ কথা চিন্তা-চৰ্চা কৰিবলৈ ধৰে। যাৰ ফলশ্ৰুতিত কামাখ্যা ধামৰ ওচৰতে ভগৱান বিশ্বকৰ্মাৰ মন্দিৰটো নিৰ্মাণ কৰা হয়।
বিশ্বকৰ্মা জয়ন্তীক লৈ হিন্দু ধৰ্মত যথেষ্ঠ মান্যতা আছে। কিছুসংখ্যক পণ্ডিতৰ মতে বিশ্বকৰ্মাৰ জন্ম হৈছিল আহিন মাহৰ কৃষ্ণ পক্ষত। আকৌ কিছুসংখ্যকৰ মতে ভাদ মাহৰ শেষৰ দিনটোত বিশ্বকৰ্মা পূজা কৰাটো শুভ। সেইবাবে বিশ্বকৰ্মা পূজা সূৰ্য উদয় হোৱাৰ পাছত উদযাপিত কৰা হয়। প্ৰত্যেক বছৰে ১৭ ছেপ্তেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়।
বিশ্বাস আছে যে, ধন-মান আৰু সুখ-শান্তি ৰক্ষাৰ বাবে পুৰুষসকলে বিশ্বকৰ্মা পূজা কৰাটো আৱশ্যক আৰু মংগলময়।