২০২২-২৩ বৰ্ষৰ ‘বৃন্দাবন থিয়েটাৰ’ৰ এক বিশেষ আকৰ্ষণ ‘ব’হাগ’ ৷ কিয়নো এই নাটকখন পৰিচালনা কৰিছে অসমৰ এনে এজন ব্যক্তিয়ে যাৰ বাবে হয়তো অসমৰ ৰাইজৰ বাবে ,বিশেষকৈ নৱপ্ৰজন্মৰ বাবে এখন বিশেষ নাটক হিচাপে পৰিগণিত হ’ব ‘বৃন্দাবন থিয়েটাৰ’ৰ মঞ্চত মঞ্চস্থ হ’বলগীয়া ‘ব’হাগ’ নাটকখন ৷
‘বৃন্দাবন থিয়েটাৰ’ৰ এই “ব’হাগ” নাটখন পৰিচালনা কৰিছে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ অনহাতে ৰাজদ্বীপৰ ৰচনা,জুবিন গাৰ্গৰ কণ্ঠ আৰু সংগীতেৰে আগবঢ়োৱা হৈছে এটি সুমধুৰ গীত ৷ যি গীতত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ এক শক্তিশালী কণ্ঠ ,অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সংস্কৃতা মালাকাৰে ৷
সেয়েহে সামাজিক মাধ্যম যোগে চলিত বৰ্ষৰ ‘বৃন্দাবন থিয়েটাৰ’ৰ এই বিশেষ নাটকখন চাবলৈ সকলোকে আহ্বান জনাই সকলোৰে মৰম ও আশীৰ্বাদ কামনা কৰিছে কণ্ঠশিল্পী সংস্কৃতা মালাকেৰে ৷ তেওঁ জানিবলৈ দিয়া মতে অতি সোনকালেই গীতটি ইউ টিউব (Youtube) তো উপলব্ধ হ’ব।