ভাৰতবৰ্ষত বলীউডৰ অভিনেতা আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ লগত জড়িত কথাবোৰে মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। অনুৰাগীসকলে নিজৰ প্ৰিয় তাৰকাসকলৰ জীৱনত কি ঘটি আছে সেই বিষয়ে জানিবলৈ যেন প্ৰতি মূহুৰ্ততেই উৎসুক হৈ থাকে ।
আজি সেয়েহে ভাৰতবৰ্ষৰ বাহিৰত জন্ম গ্ৰহণ কৰি বলীউডত আধিপত্য বিস্তাৰ কৰা কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰীৰ বিষয়ে ক’বলৈ ওলাইছো৷
ভাৰতীয় অভিনেত্ৰীসকলে যেনেকৈ বলীউডত আধিপত্য বিস্তাৰ কৰিছে, ঠিক সেইদৰে বহু বিদেশী মডেল আৰু অভিনেত্ৰীয়েও হিন্দী চলচ্চিত্ৰ জগতত নিজৰ অভিনয় তথা সৌন্দৰ্য্যৰ বাবে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে বহু অভিনেত্ৰী আছে যাৰ জন্ম ভাৰতত নহয় বিদেশতহে হৈছিল।
বিদেশত জন্মগ্ৰহণ কৰা এনে কেইগৰাকীমান অভিনেত্ৰী হ’ল জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ,আলিয়া ভাট আৰু দীপিকা পাডুকন৷
বিকি কৌশলৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা দেশী পাঞ্জাবী পৰিয়ালৰ বোৱাৰী হৈ পৰা কেটৰিনা কাইফক শেহতীয়াকৈ দেখা পোৱা গৈছিল ‘ফনভূট’ নামৰ ছবিখনত । যদিও হৰৰ কমেডী ছবিখনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিব নোৱাৰিলে ছবিখনত কিন্তু কেটৰিনাৰ অভিনয় আছিল ভাল লগা। আচৰিত কথা যে এই মোহময়ী বলীউড অভিনেত্ৰী গৰাকীৰ জন্ম কিন্তু ভাৰতত নহয় হংকঙতহে হৈছিল। সেইসময়ত যি সময়ত হংকং ব্ৰিটেইনৰ অধীনত আছিল।
আনহাতে বৰ্তমান বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ বোৱাৰী তথা নতুন মাতৃ আলিয়া ভাট বৰ্তমান নিজৰ নৱাগত সন্তানৰ লগত মাতৃত্বৰ আমেজ লোৱাত ব্যস্ত । কিন্তু আলিয়া ভাটৰ জন্মও ভাৰতত নহয় হৈছিল লণ্ডনতহে । সেয়েহে লণ্ডনত জন্মগ্ৰহণ কৰা মহেশ ভাট আৰু ছোনী ৰাজদানৰ কন্যা আলিয়াই ভাৰতৰ লগতে ব্ৰিটেইনৰ নাগৰিকত্বও লাভ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আলিয়াৰ মাতৃ ছোনী ৰাজদানৰো আছে ব্ৰিটিছ পাছপ’ৰ্ট।
ইফালে বলীউডৰ অন্যতম অভিনেত্ৰী দীপিকা পাডুকনে প্ৰায়েই বলীউড অভিনেতা স্বামী ৰণবীৰ সিঙৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে যিবোৰো সহজেই যথেষ্ট ভাইৰেল হৈ পৰে কাৰণ দীপিকাৰ অনুৰাগী সকলে তেওঁক অনুসৰণ কৰে । এগৰাকী জনপ্ৰিয় টেনিছ খেলুৱৈ প্ৰকাশ পাডুকনৰ কন্যা দীপিকা পাডুকনৰ জন্মও ভাৰতত নহয় ৷ অভিনেত্ৰী গৰাকীৰ জন্ম হৈছিল ডেনমাৰ্কতহে ।
অৱশ্যে ভাৰতৰ বাহিৰত জন্ম গ্ৰহণ কৰিও তিনিওগৰাকী অভিনেত্ৰীয়ে নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে বলীউড তথা ভাৰতৰ সাংস্কৃতিক জগতখনলৈ অৱশ্যেই যথেষ্ট অৱদান আগবঢ়াইছে ৷