১৯ডিচেম্বৰ তাৰিখে যোৰহাট জিলা সাহিত্য সভাৰ ডঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনৰ তিলোত্তমা বৰদলৈ সোঁৱৰণী মঞ্চত উন্মোচন কৰা হয় মিনাক্ষী শইকীয়া বৰাৰ গল্প সংকলন ’নিৰ্জনতাত নিজৰ মুখ’ ৷ ‘সব্যসাচী প্ৰকাশ’ৰ দ্বাৰা প্ৰকাশিত গল্প সংকলন খন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক আকাশ দীপ্ত ঠাকুৰে।
বৰ্তমান সময়ত কেৱল যোৰহাটৰেই নহয় সমগ্ৰ অসমৰ এক আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘সব্যসাচী প্ৰকাশ’ৰ স্বত্তাধিকাৰী ৰেখা বৰুৱা খাউণ্ডে সামাজিক মাধ্যম ফেচবুকযোগে জানিবলৈ দিয়া অনুসৰি উক্ত গ্ৰন্থউন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক, পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী, বিশিষ্ট সমালোচক, লেখক অৰ্ণৱ শইকীয়া আৰু বিশিষ্ট লেখক তথা সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যাপক ডঃ নমিতা বৰুৱাকে ধৰি আন বহু কেইগৰাকী গন্য মান্য ব্যক্তি ।
আনহাতে শ্ৰীযুতা সুষমা শইকীয়াই বন্তি প্ৰজ্জ্বলেনেৰে শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাঞ্জল কুমাৰ খাউণ্ডে। যোৰহাটৰ বহুকেইগৰাকী গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই গ্ৰন্থ-উন্মোচনী অনুষ্ঠানত প্ৰজ্ঞা শইকীয়াই অসমীয়াৰ প্ৰাণৰ কবি হীৰেন ভট্টাচাৰ্যৰ এটা মনোগ্ৰাহী কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।