এজন চিত্ৰশিল্পী যি নিজৰ চিত্ৰকৰ্মৰ যোগেদি সমগ্ৰ বিশ্বতে জনাজাত ৷ তেওঁ হ’ল ইংলেণ্ডৰ ডেমিয়েন হাৰ্ষ্টে ৷ শেহতীয়াকৈ চিত্ৰশিল্পী গৰাকীয়ে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰিছে ৷
প্ৰখ্যাত শিল্পীগৰাকীয়ে তেওঁৰ এক কাৰ্য্যৰ জৰিয়তে এটা বিবৃতি দিছে যাক সমগ্ৰ পৃথিৱীবাসীয়ে প্ৰতক্ষ কৰিছে । অৱশ্যে এইটো কোনো সাক্ষাৎকাৰ বা শ্ব’ নাছিল ৷ ই আছিল তেওঁৰ হাজাৰ হাজাৰ টা শিল্প কলাৰ এটা লাইভ শ্ব’ ।য’ত শিল্পী গৰাকীয়ে নিজহাতে সৃষ্টি কৰা চিত্ৰবোৰ সকলোৰে সন্মূখত জ্বলাই পেলাইছিল ৷
৫৭ বছৰীয়া প্ৰখ্যাত ব্ৰিটিছ চিত্ৰশিল্পী ডেমিয়েন হাৰ্ষ্টে লণ্ডনৰ তেওঁৰ নিজৰ নিউপোৰ্ট ষ্ট্ৰীট গেলেৰীত তেওঁৰ ৯০ কোটি টকাৰ চিত্ৰসমূহ জ্বলাই দিয়ে। সমগ্ৰ বিশ্বৰ বাবে ইনষ্টাগ্ৰাম যোগে তেওঁ এই গোটেই অনুষ্ঠানটো লাইভ ষ্ট্ৰীম কৰে ৷ আনকি সাংবাদিক আৰু কেমেৰা কৰ্মচাৰীসকলৰ এটা বিশাল গোটেও তেওঁক ব্যক্তিগতভাৱে এই কাৰ্য কৰা প্ৰতক্ষ কৰিছিল।
কিন্তু প্ৰশ্ন হ’ল এজন শিল্পীয়ে তেওঁৰ কলাসমূহ কিয় জ্বলাই দিব? চিএনএনৰ এক প্ৰতিবেদন অনুসৰি, ডেমিয়েনৰ এই কাৰ্যকলাপ তেওঁ ‘দ্য কাৰেন্সী’ নামৰ এটা প্ৰকল্পৰ অংশ আছিল। তেওঁ যোৱা বছৰ ১০,০০০ ডট পেইণ্টিঙৰ সংগ্ৰহৰ সৈতে এই প্ৰকল্পটো আৰম্ভ কৰিছিল ৷ প্ৰতিটোৰ শিৰোনাম, নম্বৰ, স্বাক্ষৰ আৰু সংশ্লিষ্ট এনএফটিৰ সৈতে সংযুক্ত ইয়াৰ প্ৰতিটোৰ মূল্য হ’ল প্ৰায় ১,৬৪,০০০ টকা।
ডেমিয়েনে তেওঁৰ এই সৃষ্টি কৰ্মসমূহ জ্বলাই দিয়াৰ ঠিক আগতে দিয়া এটা ইনষ্টাগ্ৰাম পোষ্টত শিৰোনাম দিছিল এনেকৈ- “বহুলোকে ভাবে যে মই মিলিয়ন ডলাৰৰ কলা জ্বলাই আছোঁ কিন্তু মই ভৌতিক সংস্কৰণবোৰ জ্বলাই এই শিল্পকৰ্মবোৰ এনএফটিলৈ ৰূপান্তৰ সম্পূৰ্ণ কৰি আছোঁ”।
তেওঁৰ সৃষ্টিবোৰ জ্বলাই দিয়াৰ এই দৃশ্য বহুতৰ বাবে দুখদায়ক আছিল যদিও শিল্পীজনক এই সময়ত দুখীযেন লগা নাছিল ৷ কাৰণ সাংবাদিকসকলৰ সৈতে আনন্দত কথা পাতি আছিল শিল্পী ডেমিয়েনে ।