ষঠ পূজা মানে হৈছে একপ্ৰকাৰৰ সূৰ্য্য পূজা ৷বিশেষকৈ হিন্দীভাষী লোকসকলে পালন কৰা এই পূজাক তেওঁলোকে অতি ধূমধামেৰে আৰু নীতি নিয়মৰ মাজেৰে চাৰিদিনীয়াকৈ পালন কৰে ৷ শুক্ৰবাৰৰ পৰা এইবাৰ আৰম্ভ হৈছে এই পূজা যি সোমবাৰে ৰাতিপুৱা সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ পিছতেই সমাপ্ত হ’ব।
ষঠ পূজাক ভাৰতৰ এক অন্যতম বৃহৎ উৎসৱ বুলি গণ্য কৰা হয়। কোৱা হয় যে এই পূজা কৰিলে ষঠী মায়ে বিবাহিত জীৱনত সুখৰ বাবেই ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে। বিশ্বাস আছে যে এই পূজাৰ ফলত ভক্তসকলৰ বংশ বৃদ্ধি হয়।
বিবাহিত মহিলাসকলে এগৰাকী বিবাহিতা নাৰীৰ সাজেৰে সেন্দুৰ,খাৰু পৰিধান কৰি এই উপবাস পালন কৰে। উপাসনাৰ সময়ত, মহিলাসকলে নাকৰ পৰা সেন্দুৰ লোৱা দেখা যায় ৷ এইটো বিশ্বাস কৰা হয় যে যিমান দীঘলীয়াকৈ সেন্দুৰ প্ৰয়োগ কৰা হয়, স্বামীৰ বয়সো সিমানে দীঘল হয়। লগতে কোৱা হয় যে এই দিনটোত ডাঠ আৰু দীঘলীয়াকৈ সেন্দুৰ ল’লে পৰিয়ালৰ সুখ, সমৃদ্ধি আৰু শান্তি অব্যাহত থাকে ।
শাস্ত্ৰত এইটোও কোৱা হৈছে যে যিসকল মহিলাই দীঘলীয়াকৈ সেন্দুৰ লয় তেওঁলোকৰ স্বামীয়ে যথেষ্ট সন্মান পায়। কেৱল এয়াই নহয়, ই তেওঁৰ স্বামীক সকলো ঠাইতে সন্মান প্ৰদান কৰে। মন কৰিবলগীয়া যে বিহাৰ, ঝাৰখণ্ড আৰু পূৱ উত্তৰ প্ৰদেশৰ কিছু অংশত কইনাক ৰঙাৰ পৰিৱৰ্তে কমলা সেন্দুৰ দিয়া হয়। কেৱল মহিলাই নহয়, দেৱ-দেৱীসকলক সন্তুষ্ট কৰিবলৈকো এই কমলা ৰঙৰ সেন্দুৰ ব্যৱহাৰ কৰা হয়।
অৱশ্যে পৌৰাণিক কাহিনীতো কমলা ৰঙৰ এই সেন্দুৰৰ কথা উল্লেখ কৰা হৈছে। কমলা সেন্দুৰক ৰাতিপুৱাৰ প্ৰথম সূৰ্যৰ সৈতে তুলনা কৰা হয়, যাৰ ৰং কমলা। এইটো বিশ্বাস কৰা হয় যে বিহাৰ আৰু ঝাৰখণ্ডত কমলা সেন্দুৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এই বিশ্বাস আছে যে সূৰ্যই মানুহৰ জীৱনত নতুন পোহৰ, সুখ আৰু উৎসাহ কঢ়িয়াই অনাৰ দৰে এই কমলা সেন্দুৰেও নাৰীৰ জীৱনলৈ সুখ কঢ়িয়াই আনে। এইকাৰণেই এই পূজাত ৰাতিপুৱা সাতবাৰ প্ৰদক্ষিণ কৰি সেন্দুৰ পিন্ধোৱাৰ এই ৰীতি-নীতি সম্পন্ন কৰা হয়।
কিংবদন্তীঅনুসৰি, নাকত সেন্দুৰ প্ৰয়োগ কৰাটোও মাতৃ পাৰ্বতীৰ সৈতে সম্পৰ্কিত। যেতিয়া দেৱী পাৰ্বতীয়ে ৰক্তবীজক হত্যা কৰিছিল, তেওঁৰ সেন্দুদুৰ নাকলৈ বিয়পি পৰিছিল। এই কাৰণে, হিন্দু ধৰ্মৰ বহু মহিলাই নাকলৈকে দীঘলীয়াকৈ সেন্দুৰ লয় । পৰম্পৰা অনুসৰি নৱ বিবাহিত মহিলাসকলে এই ক্ষেত্ৰত বিশেষভাৱে যত্ন ল’ব লাগে যে বিবাহৰ সময়ত তেওঁলোকে লাভ কৰা সেন্দুৰেই কিছুদিনৰ বাবে ল’ব লাগে আৰু সেই সেন্দুৰ তেওঁলোকে সদায় হাতত ৰাখিব লাগে।