নিউজ ডেস্ক,1 অক্টোবৰ:
খ্যাতনামা সংগীতশিল্পী প্ৰয়াত এছ ডি বৰ্মনক আজি তেওঁৰ মৃত্যু দিৱসত গীতে মাতে স্মৰণ কৰিলে দেশবাসীয়ে। 1906 চনৰ 1 অক্টোবৰত জন্ম লাভ কৰা বৰ্মন হৈছে ভাৰতীয় সংগীত জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰতিভাশালী শিল্পী।
কায়িক ভাবে তেওঁ আমাৰ মাজত নাই যদিও তেওঁ সৃষ্টি কৰি যোৱা সংগীতে আজিও প্ৰতিটো প্ৰজন্মক আপ্লুত কৰি আহিছে। লতা মংগেশকাৰৰ কণ্ঠত তুজসে নাৰাজ নেহী জিন্দেগীৰ দৰে সুৰীয়া গীত হওক অথবা মেহবুবা মেহবুবাৰ দৰে ৰকিং গীত হওক, প্ৰতিটো গীতে আজিও শ্রোতাক সমানেই আকৰ্ষিত কৰি আহিছে।
ত্ৰিপুৰাৰ ৰাজ পৰিয়ালত জনম গ্ৰহণ কৰা বৰ্মনে বাঙালী ভাষাৰ ছবিত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। 1947 চন ত তেওঁ বলিউডত কাম কৰা সুবিধা লাভ কৰে। ডো ভাই নামৰ ছবিৰ জৰিয়তে তেওঁ বলিউডত কেৰিয়াৰ আৰম্ভ কৰে। সেই সময়ৰ পৰা এটাৰ পাছত আন এটা গানেৰে তেওঁ শ্রোতাক মুগ্ধ কৰি তুলিছিল। আগলৈ তেওঁক শ্রোতাই তেওঁৰ অমৰ সৃষ্টি সমুহৰ বাবে স্মৰণ কৰিব।