যোৰহাট জিলাৰ টিয়কৰ এজন প্ৰতিভাশালী ব্যক্তি ।নাম তেওঁৰ দেৱজিৎ হাজৰিকা ।তেওঁ একেধাৰে এজন সু কবি,লেখক , গীতিকাৰ, সুৰকাৰ আৰু আন বহু প্ৰতিভাৰ অধিকাৰী ।
সাহিত্য সংস্কৃতিৰ সাধক এইজন ব্যক্তি যোৰহাট জিলাৰ টিয়কৰ নিবাসী যদিও বৰ্তমান তেওঁ অসম আৰক্ষী অনাতাঁৰ সংস্থাৰ পৰিদৰ্শক হিচাপে মাজুলীত কৰ্তব্যৰত।
নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ লগতে যি সমান্তৰাল ভাৱে আগুৱাই নিছে নিজৰ সাহিত্য কৰ্মকো । এইজন ব্যক্তিয়ে নিজৰ লগতে আন দহজনৰ সাহিত্য কৰ্মকো সন্মান প্ৰদান কৰাৰ উদ্দেশ্যেৰে নিজ পিতৃ-মাতৃ ” প্ৰয়াত চন্দ্ৰ হাজৰিকা আৰু প্ৰয়াত পুতু হাজৰিকাৰ সোঁৱৰণত প্ৰতিবছৰে প্ৰদান কৰি আহিছে টিয়কপৰীয়া সাহিত্য বঁটা ‘ । ইতিমধ্যে এই বটাঁ প্ৰদান কৰা হৈছে অসমৰ বিশিষ্ট সাহিত্যিক ,গৱেষক , পণ্ডিত ড° ভাৰত বৰা আৰু ৰহস্য সম্ৰাট খ্যাত অসমৰ জনপ্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকাক।
অসমৰ আগশাৰীৰ বহু কেইখন কাকত আলোচনী যেনে সাতসৰী ,দৈনিক জনমভূমি আদিত প্ৰকাশিত হৈছে দেৱজিৎ হাজৰিকাই লিখা বহুতো কবিতা, গল্প, প্ৰবন্ধ ।
শেহতীয়াকৈ অসম সাহিত্য সভা ,গোলাঘাট জিলা শাখাই অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিক গল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা এইজন লিখকে নিজৰ সৃষ্টি ৰাজিৰ মাজেৰে বৰ্তমান সময়ত পাঠক সমাজৰ মাজতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
অসম আৰক্ষীৰ অনাতাঁৰ সংস্থাৰ পৰিদৰ্শক হিচাপে এটি দায়িত্বশীল বিভাগত কৰ্তব্যৰত হৈ থাকিও তেওঁ মৌন হৈ অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰ খনত কৰি গৈছে বহু কাম ।কলম হাতত তুলি লৈ তেওঁ সৃষ্টি কৰিছে বহু উন্নত মানবিশিষ্ট কাব্য-সাহিত্যৰ ৷
ভাল লগা কথা যে সু লেখক,কবি তথা সাহিত্যিক দেৱজিৎ হাজৰিকাই শীঘ্ৰেই পাঠকৰ হাতত তুলি দিব তেখেতৰ এখন ঐতিহাসিক -সামাজিক উপন্যাস, লগতে এখনি গল্পপুথিও। আনহাতে তেওঁৰ প্ৰথমখন কাব্য সংকলন ‘শংখবণিক’ অতি শীঘ্ৰেই প্ৰকাশ হোৱাৰ পথত ।
তেওঁৰ এই সাহিত্য কৰ্ম আগবঢ়াই নিবলৈ voice 24×7ৰ ফালৰ পৰাও যাচিলোঁ অযুত শুভ কামনা। তেওঁৰ লিখনি সমূহ অসমৰ পাঠক ৰাইজে আন্তৰিকতাৰে আকোঁৱালি লওক সেয়াই আমাৰো একান্ত কামনা!