২০১৫চনতে প্ৰতিষ্ঠিত অসমৰ এক আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী ‘নৃত্য নাট্যমে’বিগত বৰ্ষবোৰৰ দৰেই এই বৰ্ষৰ ৬মাৰ্চ,দেওবাৰে সন্ধিয়া ৫.১৫বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ পেক্ষাগৃহত মঞ্চস্থ কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ সৃষ্ট ব্ৰজাৱলী ভাষাৰ পৌৰাণিক নাটিকা ‘দেৱৰাজ নহুষ’ ৷ নাটিকাখনিৰ ৰচনা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গোবিন্দ শইকীয়া বৰবায়নৰ আৰু প্ৰযোজনা ধৰ্মেশ্বৰ কোঁৱৰৰ ৷ আনহাতে দেৱৰাজ নহুষ’ নাটখনিৰ পৰিকল্পনা প্ৰকাশ ভাইমণিৰ ৷
বৰ্তমান সময়ত প্ৰায় লুপ্ত হ’বলৈ ধৰা ব্ৰজাৱলী ভাষাৰ প্ৰচাৰ,প্ৰসাৰ ও সংৰক্ষণৰ উদ্দেশ্যেৰে নৃত্যনাট্যমে মঞ্চস্থ কৰিবলৈ লোৱা এই অভূতপূৰ্ব নাটিকাখনিৰ পৰিচালনা সত্ৰীয়া শিল্পী কন্যা কুমাৰী শইকীয়াৰ ৷
নাটিকাখনিৰ সংগীত চয়ন বিষ্ণু শৰ্মা আৰু মৌচুম বৰাৰ আৰু কণ্ঠদান কৰিছে ধ্ৰুৱজ্যোতি বৰা ,ইভা শইকীয়া,পূৰ্বালি শৰ্মা ,কন্যা কুমাৰী শইকীয়া আৰু আংগৰিকা আয়ুশ্ৰী বৰা আদিয়ে ৷ আনহাতে নাটখনিৰ নৃত্য নিৰ্দেশনা কন্যাকুমাৰী শইকীয়াৰ ৷ জয়ন্ত জিন ফুকন,জ্যোতি শংকৰ ভট্টাচাৰ্যৰ মঞ্চ সজ্জা ,কণিকা শইকীয়া ,জয়ন্ত জিন ফুকনৰ সাজ সজ্জা আৰু তীব্ৰজ্যোতি বৈৰাগী,কুমকুম আৰু ভূমিকাৰ ৰূপসজ্জাৰে নাটিকাখনিৰ আলোক সম্পাতৰ দায়িত্বত আছে কৌশিক বৰবৰা ৷ লগতে শব্দ আৰু মঞ্চৰ দায়িত্বত আছে বাবুল,স্থিৰ চিত্ৰত ৰাহুল বিশ্বাস আৰু প্ৰচাৰৰ দায়িত্বত আছে দিগন্ত কুমাৰ চৌধুৰী ৷
অসমৰ কেইবাগৰাকীও আগশাৰীৰ অভিনেতা অভিনেত্ৰীৰ অভিনয়েৰে মঞ্চস্থ হ’ব লগীয়া নাটিকাখনিত এক শক্তিশালী চৰিত্ৰ ৰূপায়ণ কৰিব অসমৰ জনপ্ৰিয় অভিনেতা বিনয় ডেকাই ৷ আনহাতে জয়ন্ত জিন ফুকন ,কন্যাকুমাৰী শইকীয়া ,বিনিতা শৰ্মা ,দুৰুণ বৰুৱা,স্নিগ্ধা কাংকান টাইড,নীলাশ্ৰী লাহন,নিলনজিৎ দাস,জুহি কলিতা,মুনমী শইকীয়া ,অস্মিতা ডেকা ,ৰশ্মি দেৱী,বিপাশা শইকীয়া,তানিশা বৰা ,প্ৰিয়াংসী দেৱী,বাৰ্বী শইকীয়া,হৰ্ষিতা শৰ্মা আৰু জোনাক প্ৰিয়ম বৰুৱা আদিক বিভিন্ন চৰিত্ৰত দেখিবলৈ পাব দৰ্শকে ৷
উক্ত মঞ্চতে অসমৰ স্বাস্থ্যখণ্ডলৈ বিশেষ সেৱা আগবঢ়োৱাৰ বাবে শ্ৰী মুকুল নাৰায়ণ বৰ্মণক ‘সমাজ সেৱা ২০২২’বঁটাৰে সন্মানিত কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক বিশেষ ভাৱে সন্মানিত কৰিবলৈ আগবাঢ়িছে নৃত্য নাট্যম ৷