পুৰাণৰ যুগৰে পৰা জগত বাসীয়ে শৰৎ কালত শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰি আহিছে। শেৱালীৰ দলিচা গচকি শৰতৰ কুঁৱলী ফালি মৰতলৈ আহে দুৰ্গা। অৰ্থাৎ বছৰৰ এক নিৰ্দিষ্ট সময়ত শাৰদীয় জোনাক আৰু শেৱালী ফুলৰ সুবাসৰ মাজেৰে আহে দুৰ্গা পূজা।
সৃষ্টিত যেতিয়াই অশুভ শক্তিৰ উদয় হৈছে এইজনা দেৱীমাতৃ আবিৰ্ভাৱ হৈ জীৱ-জগতক ৰক্ষা কৰি আহিছে। তেওঁ মহিষমৰ্দিনী ৰূপত শত্ৰুক নিধন কৰিছে। কল্যানী ৰূপত সৰ্বদিশতে মানৱৰ কল্যান সাধিছে। এইধৰ্মীয় বিশ্বাসৰ আধাৰতেই এইজনা দেৱী স্মৰণাতীত কালৰে পৰাই পূজিতা হৈ আহিছে।
” কালিকা পূৰাণ ” মতে শৰৎ কালত কন্যাৰাশিত দেৱী পূজা বিধিগত। পূৰ্বতে দুৰ্গা পূজা হৈছিল বসন্ত কালত। সেই কাৰণে দুৰ্গাৰ আন এটি নাম বাসন্তী দুৰ্গা। ৰাৱনক বধ কৰিবৰ কাৰণে ৰামে অকালত অৰ্থাৎ শৰৎকালত এই দেৱী পূজা কৰিছিল সেই কাৰণে দুৰ্গা পূজা শাৰদীয় উৎসৱ বুলিও জনাজাত।
“যোগিনী-তন্ত্ৰ “ৰ ব্যাখ্যা মতে দেৱী কামাখ্যা স্বয়ং ভগৱতীৰ প্ৰতিমূৰ্তি । উপ- পূৰাণ মতে আকৌ শিৱৰ লগত কাম সম্ভোগৰ কাৰণে অহা বাবে দেৱীৰ নাম কামাখ্যা হয় ; আৰু থকা ঠাই নীলাচলতে দক্ষ – যজ্ঞৰ পিছত সতীৰ ‘ যোনী ‘ মণ্ডল পৰি শিলাত্ব প্ৰাপ্ত হৈ আছে। দেৱীৰ অধিষ্ঠান যোনী পীঠৰ গভীৰত। দেৱীৰ কোনো মূৰ্তি নাই । এই যোনী পীঠ স্পৰ্শ মাত্ৰেই মানুহ শিবত্ব প্ৰাপ্ত হয় আৰু তৎক্ষণাত নিস্পাপ হয়।
দুৰ্গা শব্দৰ অৰ্থ হৈছে ‘ দূৰ্গ ‘ নামৰ দৈত্য , মহাবিপদ , কুকৰ্ম , শোক , দুখ আৰু মহাভয় ইত্যাদিৰ (চণ্ডী) । যি গৰাকীয়ে উদ্ধাৰ কৰে তেঁৱেই দুৰ্গা । বিশ্ব-ব্ৰহ্মাণ্ডৰ যি গৰাকী সৰ্ব শক্তিৰ অধিকাৰী শক্তিৰূপিনী সেই গৰাকীয়ে দুৰ্গা।
” যা দেবী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতাঃ
নমস্তস্যৈ নমস্তসৈ নমস্তসৈ নমো নমঃ।”
সমস্ত দেৱ-দেৱতাগনৰ বিন্দু বিন্দু তেজ একত্ৰিত কৰি সৃষ্টি হোৱা ৰূপবতী , লাবন্যময়ী , পৰমাসুন্দৰী দেৱী গৰাকী প্ৰথমে কাত্যায়ন মুনিৰ দ্বাৰা পূজিতা হোৱা বাবে দেৱীৰ নাম হয় কাত্যায়নী। এই গৰাকী দেৱী দশভূজা। আদ্যাশক্তি মহামায়া দেৱ-দেৱতাৰ পৰা আৰাধিতা হৈ আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত আৱিৰ্ভাৱ হয়।ইয়াৰ পিছৰে পৰা দেৱীয়ে প্ৰতি তিথিতে একো একোটা ৰূপ ধাৰণ কৰি দশমীৰ দিনা অন্তৰ্ধান হয়। আহিন মাহৰ কৃষ্ণপক্ষৰ চতুদৰ্শীৰ পৰা নৱমীৰ দিনা লৈকে দেৱী মহামায়াই যি নটা ৰূপ ধাৰণ কৰে তাকে নৱদূৰ্গা বুলি কোৱা হয়। দেৱীয়ে নটা ৰূপ লৈ পাপীৰ পৰা সৃষ্টিক মুক্ত কৰাৰ লগতে ভক্তগণক আকাংখিত ফল প্ৰদান কৰে। এয়াই দেৱী পূজাৰ নৱৰাত্ৰিৰ মূল তাৎপৰ্য।
মা মহামায়াৰ নটা ৰূপৰ প্ৰথমটো হ’ল——” শৈলীপুত্ৰী “। এই ৰূপত দেৱী দূৰ্গাই দক্ষিণ বাহুত ত্ৰিশূল , বাওঁ বাহুত পদুম ফুল ধাৰণ কৰে আৰু বৃষভৰ ওপৰত আৰোহণ কৰা দেখা যায়।
দ্বিতীয় ৰূপ টো হ’ল—“-ব্ৰহ্মচাৰিণী “।
এই ৰূপত দেৱীয়ে সোঁহাতত জপৰ মালা লয় আৰু বাওঁ হাতত কমণ্ডলু ধাৰণ কৰে। যিয়ে ব্ৰহ্মচাৰিণী দেৱীৰ আৰাধনা কৰে তেওঁৰ ত্যাগ , বৈৰাগ্য , সদাচাৰ , সংযম আদি গুণ বৃদ্ধি পায়। কঠিন পৰিস্থিতিতো দেৱীৰ আৰাধনা কৰিলে সিদ্ধি আৰু বিজয় প্ৰাপ্তি হয়।
তৃতীয় ৰূপটো হ’ল——-” চন্দ্ৰঘণ্টা “। দেৱীৰ দহখন হাতত নানা অস্ত্ৰ বিৰাজমান। দেৱীৰ বাহন সিংহ। তৃতীয় দিনাখন দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। দেৱীৰ কৃপাত সমস্ত পাপ আৰু বাধা-বিঘিনি দূৰ হয়।
চতুৰ্থ ৰূপটো হ’ল——–” কুষ্মাণ্ড “। যি সময়ত জগত খন অন্ধকাৰছন্ন আছিল আৰু জগতৰ কোনো অস্তিত্ব নাছিল ঠিক সেই সময়তে দেৱীয়ে হাস্য বদনেৰে ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল। এই গৰাকী দেৱী অষ্টভূজা নামেৰেও জনাজাত। দেৱী কুষ্মাণ্ডক পূজা-উপাসনা কৰিলে সমস্ত ৰোগ শোক দূৰ হয় আৰু আয়ু, যশ, বল বৃদ্ধি হয়।
পঞ্চম ৰূপটো হ’ল———–” স্কন্দমাতা “। কাৰ্তিকৰ আনএটা নাম স্কন্দ। কাৰ্তিকৰ মাক হোৱা বাবে দেৱী দুৰ্গাক স্কন্দামাতা নামেৰেও জনা যায়। এই গৰাকী দেৱী শুভ্ৰ বৰ্ণা আৰু পদুম ফুলৰ ওপৰত উপবিষ্টা। স্কন্দমাতা দেৱীক ভক্তি সহকাৰে আৰাধনা কৰিলে ভক্তৰ সকলো ইচ্ছা দেৱীয়ে পূৰণ কৰে ।
ষষ্ট ৰূপটো হ’ল———-” কাত্যায়নী “। মহৰ্ষি কাত্যায়নে সৰ্বপ্ৰথম আৰাধনা কৰাৰ বাবে নাম হয় দেৱী কাত্যায়নী। কায়োমনোবাক্যে শুদ্ধ অন্তৰেৰে ভক্তি সহকাৰে কাত্যায়নী দেৱীৰ আৰাধনা কৰিলে ধৰ্ম , অৰ্থ , কাম , মোক্ষ ৰূপত ফল প্ৰাপ্তি হয়।
সপ্তম ৰূপটো হল————” কালৰাত্ৰি “। দেৱীৰ গাৰ ৰং আন্ধাৰৰ নিচিনা ক’লা । কেশ বিন্যাস বিনস্ত্য , কণ্ঠত বিদ্যুতৰ চমকৰ নিচিনা উজ্বল মালা আৰু তিনিটা ভয়ংকৰ চকু।এই গৰাকী দেৱীৰ বাহন গাধ।কালৰাত্ৰি দেৱীৰ আৰাধনা কৰাৰ লগে লগে দৈত্য , দানব , ৰাক্ষস , ভূত-প্ৰেত আদি সকলো ভীতিগ্ৰস্ত হৈ সেই স্থান ত্যাগ কৰে। দেৱীৰ কৃপা থাকিলে সকলো প্ৰকাৰৰ ভয়ৰ পৰা মুক্ত হৈ ভক্তগণে সুখ-শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে।
অষ্টম ৰূপটো হল———–” মহাগৌৰী “। মহাগৌৰী দেৱী বৃষভ বাহনা আৰু চতুৰ্ভূজা। এই গৰাকী দেৱীয়ে শিবক পতি ৰূপে পাবলৈ পাৰ্বতী ৰূপেৰে বহু বছৰ তপস্যা কৰিছিল। ভগবান শিৱই সন্তুষ্ট হৈ গঙ্গাৰ পৱিত্ৰ জলেৰে দেৱীক স্নান কৰায় আৰু লগে লগে দেৱীৰ দেহ জ্যোতিষ্মান আৰু গৌৰ বৰ্ণৰ হৈ পৰে। সেইবাবে এই গৰাকী দেৱী মহাগৌৰী নামেৰে অভিহিত। নবৰাত্ৰিৰ লগতে অষ্টমীৰ দিনাখন মহাগৌৰী দেৱীৰ পূজা-অৰ্চনা কৰা হয়। দেৱীৰ কৃপাত ভক্তৰ অলৌকিক সিদ্ধি লাভ হয় লগতে সকলো দোষ নাশ হয় আৰু সৰ্ব পাপ ভয় দূৰ হয় ।
নৱম ৰূপটো হল————” সিদ্ধিদাত্ৰী “। এই গৰাকী দেৱীয়ে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। এই গৰাকী দেৱী কোনো সময়ত পদ্মাসনা আৰু কোনো সময়ত সিংহ বাহনা। নৱ দুৰ্গাৰ এইগৰাকী সিদ্ধিদাত্ৰী দেৱী হল অন্তিম ৰূপ। দেৱী দুৰ্গাৰ বিধি অনুসাৰে পূজা পাঠ কৰি নৱম দিনা সিদ্ধিদাত্ৰী দেৱীৰ আৰাধনা কৰিলে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত হয়।
এয়াই হ’ল নৱদুৰ্গা অৰ্থাৎ নৱৰাত্ৰিত পালিত হোৱা দেৱীৰ ভিন্ন ৰূপ। ভক্তগণে পৱিত্ৰ হৃদয়ৰে প্ৰাৰ্থনা কৰিলে জীৱনৰ প্ৰকৃত সুখ আৰু আনন্দ লাভ কৰিব পাৰে।