অতি শীঘ্ৰেই টেলিভিছন পৰ্দাত আহিব এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘’বড়ে আচ্ছে লগতে হে”ৰ দ্বিতীয় চিজন। খবৰ অনুসৰি এই ধাৰাবাহিক খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসম তথা শিৱসাগৰৰ জীয়ৰী দেৱলীনা ভট্টাচাৰ্যই।
ইতিমধ্যে অভিনেত্ৰী গৰাকীৰ সৈতে প্ৰযোজক গোষ্ঠীয়ে চুক্তি সম্পাদন কৰিবলৈ আগবাঢ়িছে। পূৰ্বে এই চৰিত্ৰটোৰ বাবে দিব্যাংকা ত্ৰিপাঠীক প্ৰস্তাৱ দিছিল যদিও তেওঁ অস্বীকাৰ কৰাত এতিয়া দেৱলীনা ভট্টাচাৰ্যক বিচাৰি অভিনেত্ৰী গৰাকীৰ কাষ চাপিছে।
দেৱলীনা ভট্টাচাৰ্যই ‘’সাথ নিভানা সাথিয়া” ধাৰাবাহিক খনত গোপী বহু হিচাপে প্ৰচুৰ খ্যাতি লাভ কৰিছিল।ভাৰতবৰ্ষৰ ঘৰে ঘৰে চিনাকি হৈ পৰা দেৱলীনাক পুনৰ আৰম্ভ হ’বলগীয়া এই ধাৰাবাহিক খনত দেখা পাবলৈ এতিয়া আগ্ৰহেৰে ৰৈ আছে সকলো।
একেদৰে দেৱলীনাক ছালমান খানৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি অনুষ্ঠান বিগ বছ-১৩ টো দেখা গৈছিল।পুনৰ বিগ বছ-১৪ ত অলপ সময়ৰ কাৰণে ভুমুকি মাৰিছিল অভিনেত্ৰী গৰাকী।
আশা কৰা অনুসৰি দেৱলীনাই এই ধাৰাবাহিক খনত অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু চৰিত্ৰটোৰ বাবে ইতিমধ্যে স্ক্ৰীণ টেষ্ট দিছে।